কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা- বিতৰণী সভা- সাংস্কৃতিক অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ ১১- ১৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় ৷ ১১ ফেব্ৰুৱাৰীত পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কৰে ৷ মহাবিদ্যালয় সপ্তাহৰ দিনকেইটাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন খেল-ধেমালী আৰু সাংস্কৃতিক প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰে ৷ এই বৰ্ষত শ্ৰেষ্ঠ খেলুৱৈ শিতান লাভ কৰে ছাত্ৰী দুলুমণি ভৰালীয়ে , শ্ৰেষ্ঠ নৃত্যশিল্পীৰ খিতাপ লাভ কৰে ছাত্ৰ হীৰক জ্যোতি নাথে আৰু শ্ৰেষ্ঠ কণ্ঠ শিল্পীৰ স্থান লাভ কৰে ছাত্ৰী ৰাজশ্ৰী কলিতাই ৷ এই বৰ্ষত মি. কৰ্মশ্ৰীয়ানৰ স্থান লাভ কৰে ছাত্ৰ বিষ্ণুৰাত বৰাই আৰু মিচ. কৰ্মশ্ৰীয়ানৰ স্থান লাভ কৰে ছাত্ৰী প্ৰীয়ংকা বিশ্বাসে ৷ সাংস্কৃতিক শুভাযাত্ৰাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে শিক্ষা বিভাগ , বাণিজ্য বিভাগ আৰু ৰাজনীতি বিজ্ঞান বিভাগে৷১৯ ফেব্ৰুৱাৰীত বঁটা-বিতৰণী সভাখনৰ শুভাৰম্ভণি কৰে অধ্যক্ষা ড° শিখামণি কোঁৱৰে বন্তি প্ৰজ্বলনেৰে ৷ অধ্যক্ষাগৰাকীয়ে তেওঁৰ বক্তব্যত মহাবিদ্যালয়খন আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ উন্নতি কামনা কৰে ৷ খেল-ধেমালী আৰু অন্যান্য প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে ৷ অধ্যাপিকা ড° কানন মেধি পাটগিৰী আৰু ড° মৰমী চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য- গীত পৰিৱেশন কৰে ৷ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধায়িকা অধ্যাপিকা ইন্দ্ৰানী গগৈ পানীফুকন আৰু অধ্যাপক ফৰজ আলী আহমেদে এটিকৈ গীত পৰিৱেশন কৰে ৷ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল শিল্পী ৰাকেশ ৰিয়ানৰ গীত পৰিৱেশন ৷ গোটেই অনুষ্ঠানটিৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হীৰক জ্যোতি নাথ আৰু ছাত্ৰী কৃশ্বাঙ্গী কাশ্যপে ৷