ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজু শ্ৰীবাস্তৱ

pc times of india

ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজু শ্ৰীবাস্তৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজু শ্ৰীবাস্তৱ। ১৫ দিন চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ৰাজু শ্ৰীবাস্তৱে জ্ঞান লাভ কৰিছে।তেওঁক এইমছ দিল্লীৰ চিকিৎসকে নিৰীক্ষণ কৰি আছে বুলি কমেডিয়ান গৰাকীৰ ব্যক্তিগত সম্পাদক গৰ্ভিত নৰঙে জানিবলৈ দিয়ে। নাৰঙে লগতে কয় যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে।ৰাজু শ্ৰীবাস্তৱক ১০ আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।ৰাজু শ্ৰীবাস্তৱ হৃদৰোগত আক্ৰান্ত হৈ জিমত ব্যায়াম কৰি থাকোতে বাগৰি পৰিছিল। তেওঁ এতিয়াও এইমছৰ আইচিইউত আছে আৰু ভেণ্টিলেটৰত আছে।