ক্বোৰআন সমন্ধে এয়া কি কলে ভাস্কৰজ্যোতি মহন্তই?

ক্বোৰআন সমন্ধে এয়া কি কলে ভাস্কৰজ্যোতি মহন্তই?

 মৈৰাবাৰী ,ৰঙিলী বাৰ্ত্তাসেৱা – ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ, ‘ক্বোৰআন’ সম্পৰ্কে এয়া কি মন্তব্য কৰিলে ডিজিপি ভাস্কৰজ্যোতি মহন্তই? যিটো সময়ত একাংশই পৱিত্ৰ ক্বোৰআন শ্বৰীফক ভুল প্ৰতিপন্ন কৰিবলৈ সৰ্ব্বতো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ঠিক সেই সময়তে অসম আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰজ্যোতি মহন্তই ক্বোৰআন সমন্ধে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে। এগৰাকী হিন্দুধৰ্মী লোক হোৱা সত্ত্বেও ভাস্কৰজ্যোতি মহন্তই ইছলামধৰ্মী গ্ৰন্থ, ‘পৱিত্ৰ ক্বোৰআন’ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি তেওঁ কেৱল সাহসিকতাৰ পৰিচয় ধিয়াই নহয় বৰঞ্চ উদাৰতাৰ এক অনন্য নিদৰ্শনো দাঙি ধৰিলে। আচলতে উচ্চ শিক্ষিত এইগৰাকী অসম সন্তান যে, এজন বহল মনৰ ব্ৰজবুলি মানুহ সেইটো ইতিমধ্যে পৰিস্ফুত হ’ল। বহু অভিজ্ঞতাৰে পুষ্ট নিপুণ আইপিএছ বিষয়া শ্ৰী ভাস্কৰজ্যোতি মহন্তই পৱিত্ৰ ক্বোৰআন সন্দৰ্ভত মন্তব্য কৰি আৰু কয় যে, প্ৰতিজন মুছলমানেই পৱিত্ৰ ক্বোৰআন শ্বৰীফক ভালকৈ পঢ়িব লাগে, বেছি বেছিকৈ পঢ়িব লাগে। এই ক্বোৰআন শ্বৰীফে কদাপি মানুহক বেয়া শিক্ষা নিদিয়ে আৰু প্ৰকৃত মুছলমান লোক এজনে কেতিয়াও জেহাদী কাৰ্য্যকলাপত জড়িত হৈ নপৰে। হয়, অসম আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰজ্যোতি মহন্তই কোৱাৰ দৰে এগৰাকী ভাল মুছলমানে কেতিয়াওঁ অধৰ্মী, সন্ত্ৰাসী তথা অসামাজিক পাপ কাৰ্যত জড়িত হৈ পৰিব নোৱাৰে। ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ এই সত্য আৰু সময়োপযোগী মন্তব্য সচাকৈয়ে শলাগনীয়। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বানৰ প্ৰতি দেশৰ প্ৰতিগৰাকী মুছলমানেই সঁহাৰি জনোৱাৰ লগতে আদৰণিও জনোৱা উচিত। শান্তি, সমন্বয়, সম্প্ৰীতি আৰু উন্নতিৰ বাৰ্তাবাহক পৱিত্ৰ ক্বোৰআন শ্বৰীফক বেছি বেছিকৈ পঢ়া বা অধ্যয়ন কৰাত গুৰুত্ব দিয়াটো সময়ৰ আহ্বান। কাৰণ, ক্বোৰআন শ্বৰীফ হৈছে মানৱ জাতিৰ জীৱন বিধান। কোৱা বাহুল্য যে, পৱিত্ৰ ক্বোৰআনৰ অপ-বাখ্যা কৰি একাংশই কোৱাৰ দৰে ইছলাম ধৰ্মীয় গ্ৰন্থখনে মানুহক বিচ্ছিন্নতাবাদী বা শান্তি ভঙ্গকাৰী সৃষ্টি নকৰে বৰঞ্চ এই ক্বোৰআনে মানুহক মানুহ হবলৈ শিকাই। উল্লেখ্য যে, পৱিত্ৰ ক্বোৰআনত প্ৰথমেই পঢ়াৰ কথা কৈছে, জ্ঞান অৰ্জনৰ কথা কৈছে। মানৱ কল্যাণৰ বাবে তৎপৰ হবলৈ উপদেশ দিয়া পৱিত্ৰ ক্বোৰআনে অন্যায়, অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰ, হত্যা, ধর্ষণ, নাৰী নিৰ্যাতন, জুৱা, মদ, ভাং, ড্ৰাগছ, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ঠগ-প্ৰৱঞ্চনা আদি অপৰাধ-অপকৰ্ম তথা অসামাজিক পাপ কাৰ্যৰ বিৰুদ্ধাচৰণ কৰি পৱিত্ৰ ক্বোৰআনে দয়া, প্ৰেম, মানৱতাবাদ, একতা, বিশ্বাস, উদাৰতা, মূল্যবোধ আৰু আধ্যাত্মিকতা আদিৰ কথা কৈছে। তাৰোপৰি ক্বোৰআনুল কাৰিমত সকলো ধৰণৰ হিংসা, ঘৃণা, ঈৰ্ষা, শত্ৰুতা, বৈষম্য, হিংস্ৰতা, উগ্ৰতা, সন্ত্ৰাস আদিৰ বিৰুদ্ধেও অৱস্থান গ্ৰহণ কৰিছে। তেনেস্থলত ক্বোৰআন বিশ্বাস কৰা মুছলমানে কেনেকৈ ক্বোৰআনৰ পৰিপন্থী। তেনেস্থলত বেয়া , অধৰ্মী পাপ কৰ্মবোৰ কৰিব পাৰে? ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ মাৰ্গ-দৰ্শন পৱিত্ৰ ক্বোৰআন মজিদৰ বিধি-বিধান জনাটো প্ৰতিজন মানুহৰেই কৰ্তব্য। তাৰ পাছতো যদি কোনো মুছলমানে ক্বোৰআন, ইছলাম আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ নীতি-আদৰ্শৰ কাম কৰিছে তেন্তে বুজিব লাগিব যে, সি কেতিয়াও প্ৰকৃত মুছলমান হ’ব নোৱাৰে বৰঞ্চ তেওঁ নামধাৰী মুছলমানহে। আৰু এনে ছদ্মবেশী মুছলমানৰ বিৰুদ্ধে সমগ্র মুছলমান জাতি সজাগ-সচেতন হোৱা উচিত।