কোৱাড ভালৰ বাবে এক শক্তি: টকিঅ’ত প্ৰধানমন্ত্ৰী মোদী

কোৱাড ভালৰ বাবে এক শক্তি: টকিঅ’ত প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত দ্বিতীয় খন ব্যক্তিগত কোৱাড বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোৱাড “ভালৰ বাবে শক্তি” হিচাপে আত্মপ্ৰকাশ কৰিছে, তেওঁ লগতে কয়, “পাৰস্পৰিক বিশ্বাসে গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহক নতুন শক্তি প্ৰদান কৰে। কোৱাডে ইণ্ডো-পেচিফিকক এক উন্নত অঞ্চল তৈয়াৰ কৰাত সহায় কৰে।” সন্মিলনখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে অংশগ্ৰহণ কৰিছে।