কোভিড-১৯ৰ বিপক্ষে চীনে বিদেশী টিকাক বুষ্টাৰ পালি হিচাপে প্ৰদান কৰিব
অনলাইন বাৰ্ত্তাসেৱা– চীনে কৰ’না প্ৰতিষেধকৰ দুয়োটা পালি প্ৰদান কৰা লোকসকলক বুষ্টাৰ হিচাপে দিব বিচাৰিছে। চীনৰ ফোচুন ফাৰ্মা আৰু জাৰ্মনীৰ বায়’এনটেকৰ এম আৰ এন এ প্ৰতিষেধকৰ বুষ্টাৰ পালি হিচাপে প্ৰদান কৰা হ’ব। চীনৰ চৰকাৰী বিষয়াই ‘কামীৰনাটী’ নামৰ প্ৰতিষেধকক বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ কৰাৰ বিষয়ে চিন্তা কৰিছে। এই প্ৰতিষেধক বিধৰ ব্যৱহাৰ সম্প্ৰতি আমেৰিকা আৰু ইউৰোপত কৰি থকা হৈছে। ফোচুনৰ হাতত চীনৰ প্ৰতিষেধক নিমাণ আৰু বিতৰণৰ অধিকাৰ ন্যস্ত হৈ আছে। আনফালে বায়’এনটেকৰ প্ৰতিষেধকে ভাইৰাছৰ বিপক্ষে ৯৫ শতাংশ প্ৰভাৱশালী। চীনে ১৪০ কোটি লোকক টিকা প্ৰদান কৰা বুলি দাবীকৰাৰ সময়তে এনেদৰে বিদেশী প্ৰতিষেধক ব্যৱহাৰ কৰি বুষ্টাৰ পালি প্ৰদান কৰিব বিচৰা ঘটনাই তাৎপৰ্য বহন কৰিছে। চীনৰ প্ৰতিষেধক ব্যৱহাৰ কৰা বাহৰেইন আদি ৰাষ্ট্ৰত শেহতীয়াকৈ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে বেইজিং প্ৰশাসনে বিদেশী টিকাৰ সহায়ত দেশখনৰ নাগৰিকক বুষ্টাৰ পালি প্ৰদান কৰিব বিচাৰিছে।
(R.T)