অনলাইন বাৰ্ত্তাসেৱা – ভাৰতত কোভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌত এতিয়ালৈকে দেশখনে ২.৮৫ কোটিৰো অধিক কোভিড-১৯ত আক্ৰeন্ত হোৱা বুলি নথিভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত ৩,৪০,৭০২জনৰ মৃত্যু হৈছে। এতিয়ালৈকে মুঠ ২,৬৫,৯৭,৬৫৫ জন লোক কোভিড-১৯ৰ পৰা আৰোগ্যও হৈছে। দেশত ১৬,৩৫,৯৯৩ টা কোভিড-১৯সংক্ৰমণৰ ঘটনা এতিয়াও সক্ৰিয় আছে।
ব্ৰিটেইনৰ স্বাস্থ্য বিষয়াসকলে সতৰ্ক কৰি দিছে যে ভাৰতত প্ৰথমে চিনাক্ত হোৱা কোভিড-১৯ৰ অত্যাধিক সংক্ৰামক ডেল্টা ভেৰিয়েণ্ট B1.617.2 ভেৰিয়েণ্ট অব্ কন্চাৰ্ন (ভি.ও.চি.) এতিয়া ইউ.কে.ত প্ৰভাৱশালী হৈ পৰিছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপদাশংকা বৃদ্ধি হ’ব পাৰে। দেশৰ সকলো কোভিডৰ ভেৰিয়েণ্ট নিৰীক্ষণ কৰা পাব্লিক হেল্থ ইংলেণ্ডৰ (পি.এইচ.ই.) মতে, বৃহস্পতিবাৰে ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণ এসপ্তাহত ৫,৪৭২ বৃদ্ধি হৈ মুঠ ১২,৪৩১ হয়গৈ।