কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩২সংখ্যক ডুৰাণ্ড কাপৰ কোকৰাঝাৰত অনুষ্ঠিত খেল শুভ উদ্বোধন কৰে।১৩২সংখ্যক ডুৰাণ্ড কাপৰ  এইবাৰ গুৱাহাটী, কোকৰাঝাৰ আৰু পশ্চিমবংগত আয়োজন কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰলৈ আহি প্রতিযোগিতাখন উদ্বোধন কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিয়ে প্ৰতিযোগিতাখনৰ গুৰুত্ব আৰু তাৎপর্য বৃদ্ধি কৰিছে। একে সময়তে ঐতিহাসিক এই প্রতিযোগিতাখনৰ মেচসমূহ অনুষ্ঠিত কৰিবলৈ গুৱাহাটী আৰু কোকৰাঝাৰক সহঃ আয়োজক হিচাপে নিৰ্বাচিত কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাবাহিনীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ পুনৰ কয় যে ডুৰাণ্ড কাপৰ কিছু খেল কোকৰাঝাৰত অনুষ্ঠিত হোৱাটোৱে বড়োলেণ্ডৰ শান্তি আৰু সমন্বয় দিশটো প্ৰকাশ পাইছে। কোকৰাঝাৰত এই প্ৰতিযোগিতাৰ বাবে কৰা ব্যৱস্থাটো তেওঁ প্ৰশংক্ষা কৰে। তেওঁ লগতে ঘোষণা কৰে যে ১২০ কোটি টকা আর্থিক ব্যয়েৰে আন এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ আৰু এই ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।