কেৰেলাৰ কোট্টায়ামস্থিত মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয়

Pc-Udbhasnews

কেৰেলাৰ কোট্টায়ামস্থিত মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয়

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  কেৰেলাৰ কোট্টায়ামস্থিত মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্রতিষ্ঠানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি প্ৰতিষ্ঠানখনৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেল ব্ল’কৰ শুভ উদ্বোধন কৰে। এই প্রতিষ্ঠানখনক মানসিক স্বাস্থ্যৰ উৎকর্ষ কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্রালয়ে প্রতিষ্ঠানখনক মানসিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবৰ বাবে ২০০ কোটি টকা ধার্য কৰিছে। মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্রতিষ্ঠান হৈছে কেন্দ্রীয় হোমিঅ’পেথী গৱেষণা পৰিষদৰ অধীনস্থ এক মুখ্য প্রতিষ্ঠান, যিয়ে জনসাধাৰণক প্রায় পাঁচ দশক ধৰি মানসম্পন্ন মানসিক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্রতিষ্ঠানৰ শিক্ষাৰ্থীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ অংশ হিচাপে ছাত্ৰ আৰু ছাত্ৰী উভয়ৰে বাবে স্নাতকোত্তৰ হোষ্টেল ব্ল’কবোৰ ২১ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে। এই হোষ্টেল সুবিধা পিএইচডি আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি থাকিব আৰু অদূৰ ভৱিষ্যতে বিশ্বব্যাপী পদক্ষেপৰ অংশ হিচাপে শিক্ষার্থী বিনিময় কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত বিদেশৰ শিক্ষার্থীসকলকো এই সেৱা আগবঢ়োৱা হ’ব। অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কেৰেলাৰ জনগণক চলিত ওনাম উৎসৱৰ আন্তৰিক ওলগ জনায় আৰু সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে। ভাষণত সৰ্বানন্দ সোণোৱালে কয়, ” প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত আয়ুষ ব্যৱস্থাৰ গুৰুত্ব দেশৰ স্বাস্থ্য সেৱাত যথেষ্ট বৃদ্ধি পাইছে। প্রধানমন্ত্রীৰ দৃষ্টিভংগী হৈছে আমাৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি আৰু চিকিৎসা প্রণালীসমূহক উজ্জীৱিত কৰি তোলা যাতে আমি আমাৰ পৰম্পৰাগত স্বাস্থ্য সেৱা প্ৰণালীক কেৱল এক ৰোগ নিৰাময় প্রণালী হিচাপেই নহয়, মানৱতাৰ কল্যাণ সাধনৰ এক প্ৰণালীৰূপে সজ্জিত কৰি তুলিব পাৰোঁ। মোদী শেহতীয়াকৈ গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰৰ শুভ উদ্বোধন কৰি দেশৰ পৰম্পৰাগত স্বাস্থ্য প্ৰণালীক ত্বৰান্বিত কৰিছে। এয়া আমাৰ দেশৰ বাবে এক গৌৰৱৰ মুহূর্ত। আমি এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিব আৰু আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিবোৰক আধুনিক বৈজ্ঞানিক মানসম্পন্ন হিচাপে উন্নীত কৰিব লাগিব। হোমিঅ’পেথীৰ সৈতে জড়িত সকলোকে এই মহৎ কার্যত যোগদান কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ। যোৱা আঠ বছৰত আয়ুষ ঔষধ প্ৰণালীয়ে লাভ কৰি অহা স্বীকৃতিক অধিক শক্তিশালী কৰাত আমি সকলোৱে আগভাগ ল’ব লাগিব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আয়ুষ মন্ত্রালয়ে মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্রতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বিকাশৰ বাবে সকলোধৰণৰ সহযোগিতা আগবঢ়াব। শিক্ষণ বিকাৰ, অটিজম, এডিএইচডি আদি; মাদকদ্ৰৱ্য আৰু সুৰাৰ আসক্তি, আত্মহত্যা প্ৰতিৰোধ ইত্যাদিৰ ক্ষেত্ৰত বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তে শিশু আৰু কিশোৰৰ মনোৰোগ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ প্ৰতিষ্ঠানখনক তেখেতে আহ্বান জনায়। অনুষ্ঠানত স্থানীয় সাংসদ ক’ডিকুন্নিল সুৰেশে কয়,”হোমিঅ’পেথীৰ প্ৰসাৰৰ বাবে লোৱা এই বিশেষ পদক্ষেপৰ বাবে মই মাননীয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আয়ুষ মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পাছৰেপৰাই তেখেতে সুদক্ষ নেতৃত্বৰে আয়ুষ মন্ত্রালয়ক যথেষ্ট গতিশীলতা প্ৰদানৰ লগতে পৰম্পৰাগত চিকিৎসা প্ৰণালীক ত্বৰান্বিত কৰিছে।” উল্লেখযোগ্য যে, মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠানৰদ্বাৰা স্থানীয় কুৰিচী গাঁও পঞ্চায়তক হোমিঅ’পেথী হাব তথা আদর্শ গাঁও হিচাপে বিকশিত কৰা হ’ব। আনহাতে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিষ্ঠানখনত আন্তঃৰাষ্ট্ৰীয় হোমিঅ’পেথী প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব আয়ুষ মন্ত্রালয়ে। তদুপৰি, প্ৰতিষ্ঠানখনৰ চৌহদৰ ভিতৰত এক আধুনিক চিকিৎসালয় খণ্ড স্থাপন কৰাৰো পৰিকল্পনা কৰা হৈছে।  অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ ক’ডিকুন্নিল সুৰেশ, কেৰেলা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মহানন কুনুম্মল, আয়ুষ মন্ত্ৰালয়ৰ হোমিঅ’পেথীৰ উপদেষ্টা ড° সংগীতা ডুগ্গল, কেন্দ্ৰীয় তনুশাণ, ত্রাতষ্ঠানবণৰ তোৰপৰাভতৰত এক আধুনিক চিকিৎসালয় খণ্ড স্থাপন কৰাৰো পৰিকল্পনা কৰা হৈছে। হোমিঅ’পেথী গৱেষণা পৰিষদৰ সঞ্চালক প্রধান ড° সুভাষ কৌশিক প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়, কেৰেলা চৰকাৰ, কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদ আৰু মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ, গৱেষক, শিক্ষার্থী তথা গণ্য-মান্য ব্যক্তিসকল।