“কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উৎকৃষ্ট মানদণ্ডৰ তদন্তৰ পদক” ২০২৩ ৰ বাবে নিৰ্বাচিত দৰঙী সন্তান অসম আৰক্ষীৰ পৰিদৰ্শক দুৰ্গা কিংকৰ শৰ্মা

“কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উৎকৃষ্ট মানদণ্ডৰ তদন্তৰ পদক” ২০২৩ ৰ বাবে নিৰ্বাচিত দৰঙী সন্তান অসম আৰক্ষীৰ পৰিদৰ্শক দুৰ্গা কিংকৰ শৰ্মা  

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ চাৰি বিষয়া ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ মেডেল লাভৰ বাবে নিৰ্বাচিত হৈছে। গৃহমন্ত্ৰীৰ মেডেল লাভ কৰা আৰক্ষী বিষয়া সকল হৈছে -উপ আৰক্ষী আয়ুক্ত সুৰজিত সিং পানেশৰ, পৰিদৰ্শক দূৰ্গা কিংকৰ শর্মা,পৰিদৰ্শক আৰিফুল হক আৰু উপ পৰিদৰ্শক শ্ৰীমতী ম.থাদ্ৰৈ সিংঘ ।২০২৩ বৰ্ষত উৎকৃষ্ট মানদণ্ডৰ তদন্তৰ বাবে এই মেডেল লাভ কৰিছে অসম আৰক্ষীৰ চাৰি বিষয়াই ৷ ২০২৩ বৰ্ষৰ বাবে “কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উৎকৃষ্ট মানদণ্ডৰ তদন্তৰ পদক” দেশৰ ১৪০ জন আৰক্ষী বিষয়াৰ লগতে দৰঙৰ দেওমৰনৈৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত কৰ্মৰত পৰিদৰ্শক দূৰ্গা কিংকৰ শৰ্মা উক্ত মেডেলৰ বাবে নিৰ্বাচিত হোৱা বতৰাই বৃহত্তৰ দেওমৰনৈ অঞ্চলৰ লগতে দৰংবাসীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ চনত ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ আৰক্ষী পদকেৰে সন্মানিত হৈছিল। উল্লেখ্য যে এই পদকটো ২০১৮ চনত গঠন কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল অপৰাধৰ তদন্তৰ উচ্চ পেছাদাৰী মানদণ্ডক প্ৰসাৰ কৰা আৰু তদন্তত এনে উৎকৃষ্টতাক স্বীকৃতি দিয়া। প্ৰতি বছৰে আগষ্টৰ ১২ তাৰিখে এই পদক ঘোষণা কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ বৰ্ষত উক্ত মেডেল লাভ কৰা সকলৰ ভিতৰত ১৫ জন চিবিআই, ১২ জন এনআইএ, ১০ জন উত্তৰ প্ৰদেশ, ৯ জন কেৰালা আৰু ৰাজস্থান, ৮ জন তামিলনাডু, ৭ জন মধ্যপ্ৰদেশ,৬ জন গুজৰাটৰ , ৪ জন অসমৰ আৰু বাকীসকল আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংগঠনসমূহৰ । আনহাতে ইয়াৰ ভিতৰত আছে ২২ গৰাকী মহিলা আৰক্ষী বিষয়া।