কেইবাবিধো সামগ্ৰীৰ ওপৰত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি

Pc News 18

কেইবাবিধো সামগ্ৰীৰ ওপৰত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃদ্ধি পালে কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ পাছতো বহুতো সামগ্ৰীত নতুনকৈ জি এছ টি বলৱৎ কৰাৰ লগতে আন বহুতো সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷দাম বৃদ্ধিয়ে জনতাক সৰ্বস্বান্ত কৰাৰ পাছতো মোদী চৰকাৰে বহু সামগ্ৰীত জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জি এছ টি আৰোপ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত সৰু সৰু ব্যৱসায়ীসকলৰ মূৰত এতিয়া ৰামটাঙোন পৰিব৷ এতিয়াৰ পৰা বজাৰলৈ গ’লে খৰচ বাঢ়িব আপোনাৰ।কেইবাবিধো সামগ্ৰীৰ ওপৰত  আৰোপ কৰা হ’ব ৫ শতাংশ জিএছটি। বৃদ্ধি পালে ২১বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম৷পেকেজিং কৰা তথা লেবেল থকা খাদ্য সমগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্ছি, ৱাটাৰ মিল্ক,চিৰা, পিঠাগুৰি, কৰ্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে জি এছ টি দিব লাগিব৷চাউল, ময়দা, আটা, মুৰিৰ দৰে পেকেটজাত সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোপ কৰা হৈছে জিএছটি।এইবোৰৰ ওপৰত ৫ শতাংশ জিএছটি আৰোপ কৰা হ’ব।এতিয়াৰে পৰা ব্ৰেণ্ডেড হওক বা ব্ৰেণ্ডবিহীন হওক, চাউল, ময়দা, আটা আদি পেকেটজাত হ’লে লাগিব জিএছটি।পনীৰৰ ওপৰতো সিমান হাৰতে আৰোপ কৰা হ’ব জিএছটি।সকলো ধৰণৰ পেকেটজাত গুৰৰ ওপৰতো লাগিব ৫ শতাংশ জিএছটি।হোটেলত থকা আৰু চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা কৰাও ব্যয়বহুল হৈ পৰিব৷প’ষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক প’ষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰা হ’ব৷বেংকৰ চে’ক বুকৰ বাবেও গ্ৰাহকে দিব লাগিব ১৮ শতাংশ জি এছ টি৷উল্লেখযোগ্য যে,সবকা সাথ সবকা বিকাশৰ কথা কোৱা মোদী চৰকাৰে এটাৰ পাছত আনটো সামগ্ৰীৰ ওপৰত জি এছ টি বলৱৎ কৰাৰ ফলত এতিয়া জি এছ টিৰ পৰা মুক্ত হৈ থকা সামগ্ৰীৰ সংখ্যা হৈছে মাত্ৰ ১৬৮বিধহে৷অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত পৰা এইকেইবিধ সামগ্ৰীতো মোদী চৰকাৰে যে অনাগত দিনত জি এছ টি নলগাব তাৰ কোনো নিশ্চিয়তা নাই৷