কেইবাজনো লোকক প্ৰবঞ্চনা কৰি চাৰি বছৰে পলাই থকা চিকিৎসকক গ্ৰেপ্তাৰ

pc Medically Speaking

কেইবাজনো লোকক প্ৰবঞ্চনা কৰি চাৰি বছৰে পলাই থকা চিকিৎসকক গ্ৰেপ্তাৰ

অনলাইন বাৰ্ত্তাসেৱা – খানপুৰৰ দেভলিমা মাৰ্কেটৰ বাসিন্দা ৫৮ বছৰীয়া মহম্মদ ছব্বিৰ খান নামৰ এই চিকিৎসকজনক বুধবাৰে উত্তম নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কেইবাটাও প্ৰবঞ্চনাৰ গোচৰত অপৰাধী দিল্লীৰ এজন চিকিৎসকক। চাৰি বছৰৰ মূৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এইজন চিকিৎসকক। কেইবাটাও প্রবঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে এই চিকিৎসকজনৰ বিৰুদ্ধে। তেওঁ আত্মগোপন কৰি আছিল মোহন গার্ডেনৰ এটা ঘৰত। খানপুৰত মেডিনোভা চিকিৎসালয় নামৰ এখন ক্লিনিক চলাই থকা এই চিকিৎসকজন আয়ুৰ্বেদৰ স্নাতক ডিগ্ৰীধাৰী বুলি কৈছিল। দিল্লী মেডিকেল কাউন্সিলৰ এটা গোচৰৰ ভিত্তিত ২০১৪ চনৰ ৩০ নম্বেৰত গ্ৰেপ্তাৰ কৰি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। কিন্তু পাছত এই চিকিৎসকজনে জামিনত মুক্ত হৈ আহি কেইবাজনো লোকক প্রবঞ্চনা কৰিছিল বিভিন্ন প্ৰকাৰে। আনকি এগৰাকী বিদেশী, মহিলাকো ঘৰ লিজত দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল এই চিকিৎসকজনে।

(UD.)