কৃষি আইন প্ৰত্যাহাৰত এছইউচিআইৰ বিজয় দিৱস

কৃষি আইন প্ৰত্যাহাৰত এছইউচিআইৰ বিজয় দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰৰ বিজেপি চৰকাৰে ঐতিহাসিক কৃষক আন্দোলনৰ হেচাত বাধ্য হৈ কলা কৃষি আইন প্ৰত্যাহাৰ কৰা উপলক্ষে গুৱাহাটীত এছইউচিআইয়ে বিজয় দিৱস উদ্‌যাপন কৰে৷ কৃষকসকলৰ এই ঐতিহাসিক জয় উপলক্ষে দলৰ কেন্দ্ৰীয় কমিটীয়ে যি বিজয় দিবসৰ আহ্বান দিছিল, তাৰ প্ৰতি সহাৰি জনাই কামৰূপ মহানগৰ জিলা,নলবাৰী, ধুবুৰী ,দ:শালমৰা-মানকাছাৰ , দৰং, গোৱালপাৰা, নগাঁও, যোৰহাট, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি ,ডিব্ৰুগড় ,লখিমপুৰ ,শোণিতপুৰ আদি জিলাত সমদল ,সভা-সমিতি ,শ্বহীদবেদী স্থাপন আদি কাৰ্যসূচীৰে পালন কৰা হয় ।এই উপলক্ষে গুৱাহাটীত দলৰ ভালেসংখ্যক কৰ্মী দলৰ উলুবাৰী কাৰ্যালয়ত সমবেত হয় আৰু তাৰ পৰা সমদল কৰি জি এছ ৰোড হৈ পল্টন বজাৰলৈ যায়  আৰু পুনৰ উলুবাৰী ভলভো পইন্টলৈ ঘূৰি আহি সাত শ শ্বহীদৰ স্মৃতিত  স্থাপন কৰা শ্বহীদ বেদীত  ফুলৰ মালাৰে শ্ৰদ্ধা নিবেদন কৰে।ঐতিহাসিক কৃষক আন্দোলন জিন্দাবাদ ,পুঁজিবাদ ধ্বংস হওক ,বিদ্যুৎ বিল ২০২১ বাতিল নকৰালৈকে এই আন্দোলন চলিছে চলিবই, শোষিত নিপীড়িত মানুহৰ ঐক্য জিন্দাবাদ ,ঐক্যবদ্ধ গণ আন্দোলনৰ আঘাতেৰে পুঁজিপতি শ্ৰেণীৰ সেৱাদাস শাসক দলক পৰাস্ত কৰক আদি শ্লোগানেৰে জি এছ ৰোড উত্তাল কৰি তোলে৷