কৃষক মেলা: শিলচৰত কৃষি উন্নয়ন আৰু কৃষকৰ ক্ষমতায়নৰ এক সুঁতি

কৃষক মেলা: শিলচৰত কৃষি উন্নয়ন আৰু কৃষকৰ ক্ষমতায়নৰ এক সুঁতি

শিলচৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  শিলচৰত দুদিনীয়া কৃষক মেলা এক ঐতিহাসিক অনুষ্ঠান হিচাপে অনুষ্ঠিত হ’ল, য’ত কৃষি বিভাগ আৰু এগ্রিকালচাৰেল টেকন’লজি মেনেজমেন্ট এজেন্সী (ATMA)-ৰ উদ্যোগত কৃষি উদ্ভাৱন আৰু উন্নয়নৰ এক বৃহৎ সমাগম সাক্ষী থাকিল।

সোমবাৰে কাছাৰ জিলা আয়ুক্ত  মৃদুল যাদৱৰ উদ্বোধনী ভাষণৰ সৈতে ডাক-বাংগালৈ প্ৰাংগনত আৰম্ভ হোৱা এই মেলাখনে কৃষি বিজ্ঞানী, চৰকাৰী বিষয়া, কৃষি উদ্যোগপতি আৰু কৃষকৰ মাজত এক ঐক্যতাভিত্তিক মিলন ক্ষেত্ৰ গঢ়ি তুলিলে, যাৰ মূল লক্ষ্য আছিল কৃষি উন্নয়ন আৰু কৃষক কল্যাণৰ দিশত আগবাঢ়ি যোৱা।

উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত  যুবৰাজ বৰঠাকুৰ, কাছাৰ জিলা বিজেপি সভাপতি ৰূপম সাহা, পূৰ্বৰ জিলা পৰিষদ সভাপতি অমিতাভ ৰায়, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানীসকল, অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ লগতে কৃষি বিষয়াসকল উপস্থিত আছিল।

কাছাৰ জিলা আয়ুক্ত  মৃদুল যাদৱে নিজৰ ভাষণত কৃষক মেলাৰ গুৰুত্ব ব্যাখ্যা কৰি কৃষি বিভাগ, গৱেষণা কেন্দ্ৰ, বিশ্ববিদ্যালয় আৰু সংশ্লিষ্ট খণ্ডসমূহৰ মাজত সমন্বয় ঘটোৱাৰ প্ৰয়োজনীয়তা উলিয়াই তুলিলে। তেওঁ কৃষি সম্প্রসাৰণ, আধুনিক প্ৰযুক্তি প্ৰসাৰ আৰু কৃষকৰ সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰিবলৈ এনেধৰণৰ মেলাসমূহে এক মঞ্চ প্ৰদান কৰে বুলি উল্লেখ কৰে।

পূৰ্বৰ জিলা পৰিষদ সভাপতি অমিতাভ ৰায়ে চৰকাৰৰ বিভিন্ন কৃষক সহায়ক আঁচনি আৰু ন্যূনতম সহায় মূল্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰি ক’লে যে “কৃষক সন্মান নিধি” আৰু চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহে কৃষি খণ্ডত এক বৃহৎ পৰিৱর্তন আনিছে।

তদুপৰি, বিজেপি সভাপতি ৰূপম সাহাই কৃষিক প্ৰতি সামাজিক গৌৰৱৰ দৃষ্টিকোণৰে চোৱাৰ কথা উল্লেখ কৰি চৰকাৰৰ নীতি-নিৰ্বাচনসমূহে কৃষকৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু আধুনিক প্ৰযুক্তিৰ সুবিধা লাভৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি অভিমত ব্যক্ত কৰে।

অতিৰিক্ত জিলা আয়ুক্ত  যুবৰাজ বৰঠাকুৰে কৃষকৰ বাবে প্ৰচলিত বিভিন্ন আঁচনিৰ সুচল কাৰ্য্যন্বয় নিশ্চিত কৰাৰ প্রতিশ্ৰুতি দি কৃষকসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণৰ বাবে আহ্বান জনায়। মেলাখনত চৰকাৰী বিভাগ, কৃষি উদ্যোগ, কৃষক উৎপাদন কোম্পানী আৰু আধুনিক কৃষি প্ৰযুক্তি সংস্থাসমূহে অংশগ্ৰহণ কৰি কৃষকৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু সম্পদ উপলব্ধ কৰি দিয়ে।

মেলাৰ উদ্বোধনী অনুষ্ঠানত জিলা কৃষি বিষয়া ড॰ এ. আৰ. আহমেদে স্বাগতিক ভাষণ প্ৰদান কৰি কৃষি খণ্ডৰ উন্নয়নৰ বাবে এনেধৰণৰ মেলাৰ গুৰুত্ব ব্যাখ্যা কৰে। তদুপৰি, ‘Policy Mere Haat’ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়, য’ত মাটিৰ স্বাস্থ্য পৰিচয় পত্ৰ বিতৰণ কৰা হয়।

মেলাখনৰ অন্যতম বিশেষ আকৰ্ষণ আছিল কৃষি বিজ্ঞানী আৰু কৃষকৰ মাজত আন্তঃক্রিয়া সভা, য’ত কৃষি, মৎস্য আৰু পশুপালনৰ বিশেষজ্ঞসকলে কৃষকৰ সৈতে অভিজ্ঞতা বিনিময় কৰে।

তদুপৰি, কৃষকসকলৰ মাজত শস্য প্ৰতিযোগিতা অনুষ্ঠিত হয়, য’ত বন্ধা কপি, ফুলকপি, বেঙেনা আদি শস্যসমূহ প্ৰদৰ্শন কৰা হয়। কৃষি-আশ্রিত কুইজ প্ৰতিযোগিতা, লোকসাংস্কৃতিক অনুষ্ঠান, কৃষক সন্মাননা আৰু সন্ধিয়া কালীন সাংস্কৃতিক কাৰ্যসূচীয়ে সমগ্ৰ মেলাখন চহকী কৰি তোলে।

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাগলপুৰ, বিহাৰৰ পৰা প্ৰচাৰিত বিশেষ ভাষণটো মেলাৰ অন্যতম মূল আকৰ্ষণ আছিল, য’ত তেওঁ ৯.৭ কোটি কৃষকৰ মাজত ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ আঁচনিৰ ১৯ সংখ্যক কিস্তি বিতৰণ কৰে। এই আঁচনিসমূহৰ জৰিয়তে ৭০,০০০তকৈ অধিক কাছাৰ জিলাৰ কৃষকে ধাৰাবাহিকভাৱে আৰ্থিক সুবিধা লাভ কৰিছে।

অনুষ্ঠানৰ সামৰণি ভাষণ প্ৰদান কৰে ড॰ নিখিল চন্দ্ৰ দাসে, আৰু সমগ্ৰ কাৰ্যসূচী সু-সঞ্চালিত কৰে বৈশাখী দেৱে। কৃষক মেলাখনে কৃষকৰ বাবে এক আশাৰ বতৰা, জ্ঞান আৰু সুযোগৰ দুৱাৰ মেলি দিয়ে, যিয়ে অঞ্চলটোৰ কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত উন্নয়নৰ দিশত এক গতি সঞ্চাৰ কৰে।