কৃতি শিক্ষক চন্দ্ৰকান্ত গগৈৰ স্মৃতিচাৰণ সভা
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা শিক্ষাখণ্ডৰ গেলেকী দেওঘৰীয়া নৱজ্যোতি মজলীয়া বিদ্যালয়ৰ সদ্য প্ৰয়াত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত গগৈৰ স্মৃতিচাৰণ উপলক্ষে ১১ ফেব্ৰুৱাৰীত শিক্ষকজনৰ গেলেকী দোলাকাষৰীয়া গাঁৱৰ আবাসগৃহত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । প্ৰাক্তন প্ৰধান শিক্ষক যজ্ঞোৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ‘সদৌ কেৱল ভক্তি পন্থ অসম’ ৰ সভাপতি ভূৱন চন্দ্ৰ বৰা, সম্পাদক ঋষেশ্বৰ মুদৈ উপস্থিত থাকে । প্ৰয়াত চন্দ্ৰকান্ত গগৈয়ে ভক্তি-মাত্ৰা বজাই ৰাখি ‘সদৌ কেৱল ভক্তি পন্থ অসম’ ৰ আজীৱন সদস্য স্বৰূপে যোগাই যোৱা বৰঙণিৰ বিষয়ে বক্তাদ্বয়ে উল্লেখ কৰে । প্ৰয়াত গগৈয়ে নিজে শিক্ষকতাৰ সেৱা আগববঢ়াই যোৱাৰ সমান্তৰালভাৱে জীৱন কালত নৱজ্যোতি মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষৰ বাবে এক ন্যাস বঁটা প্ৰতিষ্ঠা কৰি প্ৰতি বছৰে প্ৰদান কৰি আহিছিল । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজীৱ ৰাজকোঁৱৰ প্ৰমুখ্যে শিক্ষক – শিক্ষয়িত্ৰী সকলে প্ৰয়াত চন্দ্ৰকান্ত গগৈৰ সামাজিক আৰু শৈক্ষিক বিকাশৰ বাবে চলাই যোৱা প্ৰচেষ্টাক সভাত শ্ৰদ্ধাৰে স্মৰণ কৰে। ২০১৩ চনত শিৱসাগৰ জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা প্ৰয়াত চন্দ্ৰকান্ত গগৈ শেহতীয়াকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ২০ জানুৱাৰীত ৬৮ বছৰ বয়সত নিজ গৃহত পৰলোক প্ৰাপ্তি ঘটিছিল । স্মৃতিচাৰণৰ লগতে পুৱা বৃক্ষৰোপন কৰাৰ লগতে পত্নী জোনমণি গগৈয়ে বন্তি প্ৰজ্বলন কৰে । সভাত অপূৰ্ব চেতিয়া, ফুলেশ্বৰ ৰাজখোৱা, বিষ্ণু গগৈ ,গোলাপ গগৈ, নিলীমা গগৈ আৰু ফুলেশ্বৰী গগৈয়ে বক্তব্য দাঙি ধৰে । এই সংসাৰত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোনমণি গগৈসহ দুই পুত্ৰ, দুই বোৱাৰী সহ অনেক আত্মীয়ক এৰি থৈ যায় ।