কু-পুত্ৰ – মিনহাজ উদ্দিন

কু-পুত্ৰ
মিনহাজ উদ্দিন, বৰপেটা
– ‘এম এ পাছ কৰি কাম এটি যোগাৰ কৰিব নোৱাৰে,  নিলাজ পিতৃ তেজ খোৱা কু-পুত্ৰৰ মুখ দৰ্শন কৰিব নিবিচাৰোঁ….’  খোৱা টেবুলৰ পৰা অপমান অসন্মান কৰি উলাই দিলে পিতৃ।
– দেউতা , কাম বিচাৰি বিচাৰি মই আজি ব্যৰ্থ। যেন মানসিক ৰোগী, তোমাৰ তেজ খোৱাৰ ইচ্ছা মোৰ নাই, মোৰো খুবেই ইচ্ছা উপাৰ্জন কৰি দুই পইচা তোমাৰ হাতত দিম…। মই সচাকৈয়ে লজ্জাহীন কু-পুত্ৰ দেউতা… । দীপক কথাষাৰ কৈ হুকহুকাই কান্দি উলাই গ’ল ঘৰৰপৰা।