কুৰুৱা জলসিঞ্চন প্ৰকল্পৰ কাম -কাজৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী অশোক সিংহলে

কুৰুৱা জলসিঞ্চন প্ৰকল্পৰ কাম -কাজৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী অশোক সিংহলে

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- আজি অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ছিপাঝাৰ সমষ্টিৰ কুৰুৱা অঞ্চলত ৰূপায়িত উত্তোলিত জলসিঞ্চন আঁচনিখন পৰ্যবেক্ষণ কৰে। উক্ত প্ৰকল্পৰ সমীপত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ লগতে পথাৰ পৰিচালনা সমিতি আৰু কৃষকৰ সৈতে আলোচনা তথা আলাপ কৰে। জলসিঞ্চন প্ৰকল্পটোৰ পৰা অধিক কৃষক যাতে লাভান্বিত হ’ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে কৃষকৰ কল্যাণ সাধনত অগ্ৰাধিকাৰ দিছে আৰু বিভাগে কৃষক ৰাইজক সহায় কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই আলোচনা কালত মন্ত্ৰীগৰাকীৰ সৈতে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু জলসিঞ্চন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।