কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্প বনাম নামনি অসম – নাছিৰ আহমেদ

কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্প বনাম নামনি অসম
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভূটান  আৰু ভাৰত এই দুখন দেশৰ যৌথ চুক্তি মতে ১৯৮৭ চনতে ভাৰত চৰকাৰে আৰ্থিক সাহায্য আৰু ঋণৰ ভিত্তিত ভূটানত জল বিদ্যুৎ শক্তি প্ৰকল্প ( Hydro electric energy project) নিৰ্মাণ কৰাৰ দায়িত্ব কান্ধ পাতি লয়।সেই মতে, আমাৰ দেশে কেইবাটাও জল বিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰি প্ৰতিবেশী ভূটান দেশখনক ব্যাপক ভাবে বিদ্যুৎ সৰবৰাহ কৰিবলৈ সক্ষম কৰি তুলিছিল।পৰৱৰ্তী ১৯৯৬ চনত এই দুয়োখন দেশৰ যৌথ চুক্তি মৰ্মে পূব ভূটানৰ মংগাৰ জিলাৰ কুৰিশ্ব’ নদীৰ ওপৰত কুৰিশ্ব’জল বিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ আৰম্ভ কৰি ২০০১ চনত এই প্ৰকল্প সম্পূৰ্ণ কৰে। আৰ তাৰ এবছৰ পাছত বানিজ্যিক ভাবে এই প্ৰকল্পৰ জৰিয়তে ভূটানৰ আঠখন জিলাত সৰ্বমুঠ ৬০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ৮ৰ পৰা ৯ শতাংশ বিতৰণ কৰি বাকী অংশ ভাৰতলৈ ভূটানৰ টকা অনুযায়ী ১.৭৫ টকা প্ৰতি ইউনিট (২০০৫ চনত) মূল্যত ৰপ্তানী কৰিবলৈ ভূটান চৰকাৰে সন্মতি প্ৰকাশ কৰে  ; অথচ এই কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰিবলৈ ভাৰত চৰকাৰে ভূটানৰ টকাৰ মূল্যত সৰ্বমুঠ ৫৬০০ মিলিয়ন টকা ভূটান চৰকাৰক আৰ্থিক ভাবে সাহায্য দিছিল।২০০৬ চনত ভাৰত চৰকাৰৰ হৈ ভাৰতীয় ৰাষ্ট্ৰদূত মাননীয়  সুধীৰ ব্যাসে দেশৰ বহুত গণ্যমান্য নেতা -পালিনেতা ,উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সৈতে ভূটানৰ ৰাজ পুৰুষ জিগমে কে এন ওৱাংচুক ( Jigme K N Wangchuk) আৰু ভূটানৰ হাজাৰ হাজাৰ মানুহৰ সন্মুখত অতি আৰম্বৰপূৰ্ণ ভাবে এই কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্পৰ শুভ উন্মোচন কৰিছিল।এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, ভূটানত এই কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ ফলত আমাৰ দেশৰ কোনো লাভ হৈছে জানো ? এই বিদ্যুৎ শক্তি প্ৰকল্প দ্বাৰা পূব ভূটানৰ আঠখন জিলাত বিদ্যুৎ সৰবৰাহ কৰাৰ ফলত সেই অঞ্চলৰ যথেষ্ট উন্নতি সাধন হৈছে। কিন্তু, পাৰ্বত্য অঞ্চলৰ খৰস্ৰোতা নদী কুৰিশ্ব’ ৰ ওপৰত  এই প্ৰকল্প নিৰ্মাণ কৰাৰ ফলত বাৰিষা কালত যেতিয়া ফেনেফোটোকাৰে পানী বাঢ়ি নদীৰ পাৰ ওপচি  গোটেই ভূটানৰ আঠখন জিলা বানপানীত আক্ৰান্ত হয়, তেতিয়া কুৰিশ্ব’নদীৰ পানী এৰি দি ভূটান চৰকাৰে দেশখনক এই বানপানীৰ পৰা সকাহ দিবলৈ চেষ্টা কৰে।তাৰ বিষময় ফল ভূগিব লগা হয় ভাৰত তথা নামনি অসম। কুৰিশ্ব’ নদীৰ পানী ওফন্দি উঠিলেই প্ৰতি বছৰে ভূটানে কোনো আগজাননী নিদিয়াকৈ কুৰিশ্ব’ নদীৰ পানী এৰি দিয়ে। যাৰ ফলত ৰাতিৰ ভিতৰতেই নামনি অসমৰ বাগছা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, বঙাইগাঁও জিলা আৰু নলবাৰী জিলা জলমগ্ন হৈ পৰে। আকস্মিক ভাবে হোৱা এই বিপদ সংকটৰ সন্মুখীন হৈ এই অঞ্চলৰ বিস্তৰ ক্ষতি সাধন হয়। শস্য পথাৰৰ লাখ লাখ টন শস্য আৰু বাৰীৰ শাক-পাচলি বিনষ্ট হয়। কোনো ত্ৰাণ ব্যৱস্থা মজুত নথকাৰ ফলত বানপানীত ককবকাই অসংখ্য জীৱ -জন্তু আৰু মানুহ -দুনুহ মৃত্যুৰ মুখত পৰে। লাখ লাখ গৃহ ধ্বংস -প্ৰাপ্ত হয়। পৰিত্ৰাণৰ উপায় বিচাৰি বহুত মানুহে ওখ ঠাই এডোখৰত গৈ অস্থায়ী ভাবে শিবিৰ পাতি এক দুৰ্বিসহ জীৱন যাপন কৰে। এই ক্ষেত্ৰত অসম চৰকাৰে এই অসহায় মানুহক যৎ সামান্য খাদ্য, বস্ত্ৰ আদি যোগান ধৰাৰ ফলত নামনি অসমৰ এই বিস্তৃত অঞ্চলৰ বান-পীড়িত মানুহে কলধপ কলধপ কৈ জীয়াই থকাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। আকৌ ভূতৰ ওপৰত দানহ  পৰাদি বানপানী শুকাই যোৱাৰ পাছত এই অঞ্চলত  মহামাৰীৰ প্ৰাদুৰ্ভাব হোৱাৰ ফলত হেজাৰ হেজাৰ মানুহ ৰোগাক্ৰান্ত হৈ হয় মৃত্যুৰ মুখত পৰে নাইবা গোটেই জীৱন পঙ্গুত্ব লৈ জীয়াই থাকে। কাৰণ, এতিয়ালৈকে এই বৃহৎ অঞ্চলত কোনো উন্নত চিকিৎসালয়ো নাই। এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাও দেখা নাযায়।মুঠতে, কুৰিশ্ব’ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ  কুফল এই নামনি অসমৰ মানুহে ভূগিব লগীয়া হৈছে।গোগামুখত নামনি সোৱণশিৰি নদীৰ বান্ধ নিৰ্মাণৰ ফলত যেনেকৈ উজনি অসম ধ্বংসৰ গৰাহত পৰিছে, ঠিক তেনেদৰে কুৰিশ্ব’ নদীৰ বান্ধ নিৰ্মাণে নামনি অসমক ধ্বংসৰ গৰাহত ঠেলি লৈ গৈ আছে।নামনি অসমৰ এই বিস্তৃত অঞ্চলৰ মানুহে কুৰিশ্ব’ জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ ফলত প্ৰবল বানপানীৰ দ্বাৰা যেনেকৈ জীয়াতু ভূগি আছে ইয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ একমাত্ৰ উপায়, অসম তথা ভাৰত চৰকাৰে এক বিকল্প ব্যৱস্থা উদ্ভাৱন কৰা । অন্যথা ,এই অঞ্চলৰ মানুহে সংগঠিত হৈ তীব্ৰ ভাবে গণ-আন্দোলন গঢ়ি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক বাধ্য কৰিব লাগিব।