কুশিয়াৰাৰ পৰা পানী উলিওৱাৰ ক্ষেত্ৰত ইণ্ডো-বাংলা বুজাবুজি চুক্তিত অনুমোদন কেবিনেটৰ

Pc Deccan Herald

কুশিয়াৰাৰ পৰা পানী উলিওৱাৰ ক্ষেত্ৰত ইণ্ডো-বাংলা বুজাবুজি চুক্তিত অনুমোদন কেবিনেটৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে কুশিয়াৰা নদীৰ পৰা ১৫৩ কিউছেক পৰ্যন্ত পানী উলিওৱাৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত বুজাবুজি চুক্তিৰ বাবে অনুমোদন জনাইছে। ৬ ছেপ্টেম্বৰত স্বাক্ষৰিত এই বুজাবুজি চুক্তিৰ জৰিয়তে অসম চৰকাৰ আৰু বাংলাদেশে খৰালি কালত (১ নৱেম্বৰৰ পৰা ৩১ মে’লৈ) উমৈহতীয়া সীমান্তৰ নৈখনৰ পৰা পানী উলিয়াই আনিব পাৰিব।