কুকুৰে ভুক ভুক কৰি থাকে, হাতী হ’লে গৈ থাকে
জীৱনত সফলতা পাবলৈ হ’লে বহুত সংঘৰ্ষ কৰিব লগিয়া হয়। যিসকলে জীৱনত সফলতা পাবলৈ সক্ষম হৈছে তাৰ আঁৰত কিমান যে সংঘৰ্ষ, সংগ্ৰাম লোকাই থাকে প্ৰকৃত অৰ্থত সেই ব্যক্তিগৰাকীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। মই সফলতাৰ বাখ্যা কেৱল শিখৰত আৰোহণ কৰা ব্যক্তিসকলকে লৈ আলোকপাত কৰিবলৈ বিচৰা নাই। আচলতে নিজ নিজ ক্ষেত্ৰত একেবাৰে সৰু সৰু সফলতাৰ পৰা আৰম্ভ কৰি একেবাৰে বিশাল সফলতাবোৰক সম মৰ্যদা প্ৰদান কৰাটো অত্যন্ত বাঞ্চনীয়। আপোনাৰ বাবে যিবোৰ কাৰ্য একেবাৰে সাধাৰণ বা সামান্য হয় সেই একেটা কাৰ্য সম্পন্ন কৰিবলৈ কিছুমান মানুহে বহু সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে। গতিকে সফলতাৰ প্ৰকৃত সংজ্ঞা দিয়াটো বৰ জটিল। কাৰণ ব্যক্তি বিশেষে ইয়াৰ ধাৰণাবোৰ ভিন্ন হ’ব পাৰে।
এতিয়া মোৰ এই লিখনিৰ জৰিয়তে আপোনালোকক আলোকপাত কৰিবলৈ বিচৰা বিষয় বস্তু হ’ল আমাৰ সামাজত দৃষ্টিগোচৰ হোৱা এক নিকৃষ্ট মানৰ মানুহৰ মানসিকতা। আমি প্ৰতিখন সমাজতে সচৰাচৰ লক্ষ্য কৰিবলৈ পাওঁ,যদি কোনো এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত উন্নতিৰ মাৰ্গত এখোজ,দুখোজ কৰি আগুৱাই যাবলৈ আৰম্ভ কৰে তেন্তে সেই একেখন সমাজৰ কিছুমান মানুহে তাৰ উপৰিও কিছু আত্মীয়সকলে সেই সফলতাৰ মাৰ্গত আগুৱাই যোৱা ব্যক্তিগৰাকীক কেনেকৈ তললৈ গিৰাই আনি খালত সোমাব পাৰি তাৰে অনৰহ প্ৰচেষ্টাত লাগি থকা দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা পৰিস্থিতিত নিজে নিজেই সতৰ্কতা অবলম্বন কৰা উচিত। লগতে এষাৰ কথা সদায় মনত ৰাখিব যে,”কুকুৰে ভুক ভুক কৰি থাকে হাতী হ’লে গৈ থাকে ” । অৰ্থাৎ আমাৰ ৰাস্তা পদুলিৰ পৰা যেতিয়া হাতী এটা গৈ থাকে ঠিক তেতিয়া ওচৰ পাজৰে থকা কুকুৰবোৰে প্ৰকাণ্ড বস্তু এটা দৃষ্টিগোচৰ কৰি একেলগে মিলি চিয়ৰ বাখৰ আৰম্ভ কৰি দিয়ে ভুক্,ভুক,ভুক,ভুক। কিন্তু এনে পৰিস্থিতিত হাতীয়ে একো ভয় নোহোৱাকৈ দৃঢ়তাৰ নিজ মাৰ্গত সুস্থিৰতাৰ সৈতে আগুৱাই কেৱল গৈ থাকে। গতিকে আপোনাৰ প্ৰথম লক্ষ্য হ’ব লাগে সুস্থিৰভাৰে কতো বিচলিত নোহোৱাকৈ নিজৰ সফলতাৰ মাৰ্গ সুনিশ্চিত কৰি কেবল আগুৱাই গৈ থকা। সমাজত কিছুমান মানুহৰ চৰিত্ৰয়ে নিকৃষ্ট মানৰ থাকে। সিহঁতে নিজৰ এক গোট বা সমুদায়ৰ সৃষ্টি কৰি আপোনাক হয়তো তললৈ নমাবলৈ অত্যাধিক প্ৰচেষ্টাত লাগি থাকিব পাৰে। ঠিক সেই হাতীক খেদি ধৰা কুকুৰবোৰৰ দৰে। তথাপিও কিন্তু আপুনি বিচলিত নহৈ নিজ মাৰ্গত সংগ্ৰাম অব্যাহত ৰাখক । অন্তিমত আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ পাব সেই অধম চৰিত্ৰৰ লোকসকল সেই একে ঠাইতে আছে আৰু আপুনি সেইখিনি সময়তে নিজে নিজ নিজ ঠাইত এজন সফল ব্যক্তিৰূপে পৰিগণিত হৈ পৰিব। গতিকে আপুনি নিজৰ দৌৰ অব্যাহত ৰাখক। কিছুমান কুকুৰে আপোনাক পাছে পাছে খেদিবলৈ নিশ্চয় আৰম্ভ কৰে। কিন্তু নিশ্চিত থাকক সিহঁতে নিজৰ এলেকাৰ বাহিৰলৈ ওলাই যাবলৈ সাহসে গোটাবলৈ সক্ষম নহয়।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম