কি হ’ব মাডাৰ্ছ অল্ড এজ হোম বৃদ্ধাশ্ৰমখনৰ ভৱিষ্যত?

কি হ’ব মাডাৰ্ছ অল্ড এজ হোম বৃদ্ধাশ্ৰমখনৰ ভৱিষ্যত?

ৰঙিলী বাৰ্ত্তাসেৱা-  উৎপল-মণিকাৰ সংঘাতে অমানিশা মাতিছে মাডাৰ্ছ অল্ড এজ হোমৰ ককা-আইতাৰ জীৱনলৈ। উৎপল-মণিকাৰ সংঘাতে ভয়-শংকাত ভোগাইছে বৃদ্ধাশ্ৰমৰ ককা-আইতাহঁতক।বৃদ্ধাশ্ৰমখনৰ ককা-আইতাসকলক চিন্তিত কৰি তুলিছে।কিছুদিনৰ পূৰ্বে উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাৰ মাজৰ সংঘাতৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰেও তদন্ত ঘোষণা কৰিছিল৷মন্ত্ৰী অজন্তা নেওগে বৃদ্ধাশ্ৰমলৈ গৈ দুয়োপক্ষক সমিল-মিলেৰে কাম কৰিবলৈ কোৱাত বিষয়টো অন্ত পৰিছিল।কিন্তু শেহতীয়াকৈ এই বৃদ্ধাশ্ৰমখনৰ ফেচবুক পেজৰ ঠিকনা সলনি কৰাকলৈ দুয়োৰে মাজত নতুন সংঘাতে গা কৰি উঠিছে।বেলতলাৰ অজন্তা পথত উৎপলে নতুনকৈ আৰম্ভ কৰা প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমখনৰ ঠিকনা মাডাৰ্ছ অল্ড এজ হোমৰ ফেচবুক পেজত সংলগ্ন কৰাত পুনৰবাৰ বিতৰ্কৰ মাজত মাদাৰ অ’ল্ড এজ হোম।এনে সংঘাতে মাডাৰ্ছ অল্ড এজ হোম বৃদ্ধাশ্ৰমখনৰ ভৱিষ্যতৰ প্ৰতি অমানিশা মাতি আনিছে।