কিতাপ-শিৱানী বৰুৱা

pc MakeUseOf

বিশ্ব গ্ৰন্থ দিৱসৰ শুভেচ্চাৰে

কিতাপ

কিতাপ হ’ল জীৱনৰ
সঞ্জীৱনী সুধা
কিতাপ নপহিলেওঁ,
কিতাপৰ মাজত থকাটোও
এটা তৃপ্তি বোধক কথা ।
কিতাপবোৰ জীৱনৰ
একোখন খিৰিকী
যাৰ দ্বাৰা …
আত্মাই বাহিৰলৈ চাবলৈ শিকিব
চিঙি- ভাঙি দুৱাৰৰ শিকলি ।
কিতাপক তুমি
ভালপোৱা যদি,
কিতাপে তোমাৰ জীৱন তুলিব
সহজ কৰি।
কিতাপৰ দৰে মনোমোহা
আন একো নাই ,
কিতাপৰ দৰে প্ৰয়োজনীয়
অন্য একো নাই ।।

শিৱানী বৰুৱা
যোৰহাট, অসম