কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব: সর্বানন্দ সােণােৱাল

কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব: সর্বানন্দ সােণােৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযােগত চৌকিডিঙ্গী খেলপথাৰত ২৬ নৱেম্বৰৰ পৰা অহা ৭ ডিচেম্বৰলৈ অনুষ্ঠিত দ্বাদশ ডিব্রুগড় গ্রন্থমেলাত উপস্থিত হয় কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱাল। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে গ্রন্থমেলাৰ বাকৰিত থকা বিভিন্ন গ্রন্থ বিপণি পৰিদৰ্শন কৰি গ্ৰন্থৰ সুবাস লয়। এই সময়ছােৱাত তেওঁক সংগ দিয়ে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা প্ৰমুখ্যে গ্রন্থমেলাৰ উদ্যোক্তাসকলে। গ্রন্থমেলাখন পৰিদৰ্শন কৰি সৰ্বানন্দ সােণােৱালে কয় যে, “গ্রন্থ এটা জাতিৰ, এখন সমাজৰ আৰু ভাষাৰ সৈতে থকা আমাৰ বান্ধোনৰ দাপােণস্বৰূপ৷ ন ন চিন্তাৰ উন্মেষেৰে গ্ৰন্থই জ্ঞান অন্বেষণৰ অবিৰত বাট মুকলি কৰি আহিছে। সেয়ে ডিব্রুগড়ত গ্রন্থমেলাৰ দৰে এক মহৎ কাৰ্যসূচী হাতত লােৱাৰ বাবে আয়ােজকসকল অতিকৈ কৃতজ্ঞতাৰ পাত্র। গ্রন্থমেলাই গ্রন্থ অধ্যয়ন, প্রকাশ আৰু গ্রন্থ ৰচনাৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। গ্রন্থমেলাৰ জৰিয়তে কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব। এই গ্রন্থমেলাই কিতাপ পঢ়াৰ স্পৃহা বৃদ্ধি কৰাৰ লগতে কিতাপৰ সৈতে আমাৰ বন্ধুত্বক আৰু সুদৃঢ় কৰক, তাৰেই কামনা কৰিছোঁ।” ডিব্রুগড় গ্রন্থমেলাৰ সর্বাংগীণ সফলতা কামনা কৰি তেখেতে ৰাইজৰ পূর্ণ সঁহাৰি আশা কৰে।ইয়াৰ পিছতে ডিব্রুগড়ৰ গগন চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত সােণােৱাল কছাৰী সাহিত্য সভাৰদ্বাৰা আয়ােজিত সভাৰ প্রথম দ্বি-বার্ষিক অধিৱেশনত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰে।অনুষ্ঠানত লগতে উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সােণােৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্রাৰী, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, সােণােৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সােণােৱাল প্রমুখ্যে সভাৰ অন্যান্য বিষয়ববীয়া, সদৌ অসম সােণােৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সদৌ অসম সােণােৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্র বড়া, সােণােৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি টংকেশ্বৰ সােণােৱাল, সদৌ অসম সােণােৱাল কছাৰী নাৰী সন্থাৰ সভানেত্রী ৰশ্মিৰেখা সােণােৱাল প্রমুখ্যে বিশিষ্ট সাহিত্যিকসকল আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ৰাইজক সম্বােধন কৰি সােণােৱালে ভাষণ প্রসংগত কয় যে, “অসমীয়াকে ধৰি থলুৱা ভাষা-সাহিত্যৰ চৰ্চা আৰু প্ৰসাৰৰ দিশত সােণােৱাল কছাৰী সাহিত্য সভাই প্রতিষ্ঠাকালৰেপৰাই এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। অনাগত দিনতাে সভাই বৌদ্ধিক দিশত শক্তিশালী ভূমিকা গ্রহণ কৰিব লাগিব আৰু অসমীয়া জাতিৰ উন্নয়নৰ দিশত উল্লেখযােগ্য অৱদান আগবঢ়াব লাগিব। সােণােৱাল কছাৰী জনগােষ্ঠীক শিক্ষা, সাহিত্য-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত আধুনিক ধ্যান-ধাৰণাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰতাে সভাৰ ভূমিকা হ’ব অতিশয় গুৰুত্বপূৰ্ণ।” “ভাষা-সাহিত্যই যিকোনাে জাতি-জনগােষ্ঠীক সমৃদ্ধ কৰাৰ লগতে সঞ্জীৱনী সুধা প্রদান কৰে। বিশ্বায়নৰ এই যুগত আপােন ভাষা- সাহিত্যৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ হ’লে ইয়াৰ দৈনন্দিন চর্চা আৰু প্ৰসাৰ নিতান্তই বাঞ্ছনীয়। এইক্ষেত্ৰত ঐক্যবদ্ধ প্রচেষ্টাৰে কাম কৰি যােৱাৰ বাবে সােণােৱাল কছাৰী সাহিত্য সভাক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।”- সর্বানন্দ সােণােৱালে উল্লেখ কৰে। “সাম্প্রতিক সময়ত অসমৰ নতুন প্রজন্মই নন সাহিত্য সৃষ্টি আৰু চৰ্চাত আত্মনিয়ােগ কৰিছে। জাতিটোৰ বাবে এয়া আশাৰ বতৰা আৰু অতিকৈ শুভ লক্ষণ। বৃহত্তৰ অসমীয়া জাতিৰ মাজত সমন্বয়ৰ ভাবধাৰা অটুট ৰখাৰ ক্ষেত্ৰত সােণােৱাল কছাৰী সাহিত্য সভাই এক গুৰু দায়িত্ব বহন কৰিব লাগিব। তাৰ বাবে সমন্বয় ধৰি ৰখা সাহিত্য সৃষ্টিৰ খুবেই প্রয়ােজনীয়তা আছে। এইক্ষেত্ৰত আগভাগ ল’বলৈ সভাক আহ্বান জনালোঁ।”- সােণােৱালে লগতে উল্লেখ কৰে।উল্লেখযােগ্য যে, গগন চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে আজি আনুষ্ঠানিকভাৱে একেদিনাই ৫০ খন গ্ৰন্থৰ শুভ উন্মােচন কৰে।