কিং খান পুত্ৰ আৰিয়ান খান ২০ অক্টোবৰলৈ জেʼলত

Pc- India Today

কিং খান পুত্ৰ আৰিয়ান খান ২০ অক্টোবৰলৈ জেʼলত

ৰঙিলী বাৰ্ত্তাসেৱা-  নাক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’(এনচিবি)য়ে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানসহ আঠজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বিলাসী জাহাজত ৰেভ পাটী গোচৰক লৈ তদন্তৰ বাবেই মুম্বাইৰ বিভিন্ন স্থানত তালাচী চলাই কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। এনচিবিয়ে  মুম্বাইৰ বান্দ্ৰা, আন্ধেৰী আৰু পোৱাইত অভিযান চলায়। শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে অহা ২০ অক্টোবৰলৈ জে’লত কটাব লাগিব। মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত কোৱাৰেণ্টাইনত থকাৰ পিছত সম্প্ৰতি আৰিয়ানক সাধাৰণ কয়দীৰ সৈতে ৰাখিছে। আদালতে আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি ১৩ অক্টোবৰত গ্ৰহণ কৰাৰ পিছত ৰায় ২০ অক্টোবৰলৈ সংৰক্ষিত ৰখাৰ পৰিপ্ৰেক্ষিতত ২০ অক্টোবৰলৈ জে’লতেই থাকিব আৰিয়ান। জে’লৰ ভিতৰত থকা আৰিয়ান খানে দুদিন পূৰ্বে তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে ভিডিঅ’ কলযোগে বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিছে।