কামৰূপ সদৰ আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়া পুঁজিপতি সুৰা মাফিয়াৰে গোপন বুজাবুজি

pc The Sentinel

কামৰূপ সদৰ আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়া পুঁজিপতি সুৰা মাফিয়াৰে গোপন বুজাবুজি

অনলাইন বাৰ্ত্তাসেৱা –  আবকাৰী বিষয়াক মেনেজ কৰি একাংশ পুঁজিপতি সুৰা ব্যৱসায়ীয়ে নামে বেনামে সুৰাৰ বিপণী হস্তান্তৰ কৰি সুৰা বিপণী খোলাৰ অনুজ্ঞা-পত্ৰ আদায় কৰিছে। ইয়াৰোপৰি মহানগৰীৰ আশে-পাশে নামে-বেনামে বাৰ খুলি এই পুঁজিপতি সুৰা মাফিয়াই ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে ৷ অভিযোগ অনুসৰি ৰাইজৰ প্ৰতিবাদ নেওচি মেছাৰ্ছ ইষ্টার্ন এণ্টাৰপ্ৰাইজ বণ্ডেড ৱেৰ হাউছৰ স্বত্বাধিকাৰীয়ে কামৰূপ সদৰ আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি উত্তৰ গুৱাহাটী, কলংপাৰ বজাৰ, পানীখাইতীৰ লাহাপাৰাত সুৰাৰ বিপণী খুলি অঞ্চলকেইটাৰ পৰিৱেশ বিনষ্ট কৰি আহিছে। নিয়ম অনুসৰি, শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠান, চিকিৎসালয়ৰ আশে-পাশে সুৰাৰ বিপণী অনুজ্ঞা-পত্ৰ প্ৰদান কৰিব নোৱাৰে। চহৰাঞ্চলত শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠানৰ ৫০ মিটাৰ দূৰত্বৰ ভিতৰত আৰু গ্রামাঞ্চলৰ ১৫০ মিটাৰ দূৰত্বৰ ভিতৰত অনুজ্ঞা-পত্ৰ প্ৰদান কৰিব নোৱাৰে। কিন্তু আবকাৰী বিভাগৰ বিষয়া আৰু স্থানীয় দল-সংগঠনক মেনেজ কৰি ইষ্টার্ন বণ্ডৰ স্বত্বাধিকাৰীয়ে পানীখাইতীৰ শ্বহীদ কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কেইমিটাৰমান দূৰত্বত সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ উলিয়াই ব্যৱসায় চলাই আহিছে।