কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। অসম তৃণমূল মহিলা কংগ্ৰেছৰ সদস্যসকলৰ সমবেত সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত দলৰ সতীৰ্থসকলে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে।কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ত বক্তৃতা প্ৰদান কৰে দলৰ সাধাৰণ সম্পাদক (প্ৰশাসন) অৰূপজ্যোতি ভূঞা, মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁয়ে।উক্ত সভাতে বিষ্ণু ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত চিত্ৰাংকন আৰু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয়।সভাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেইবাগৰাকীও শিল্পীয়ে গীত-নৃত্য পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে।