কামৰূপ মহানগৰত যাৱতীয় কৰ আদায় নিদিয়াকৈ পথত চলি থকা বাহনৰ বিৰুদ্ধে পহিলা ডিচেম্বৰৰ পৰা চলিব বিশেষ অভিযান

Pc- the Sentinel Assam

কামৰূপ মহানগৰত যাৱতীয় কৰ আদায় নিদিয়াকৈ পথত চলি থকা বাহনৰ বিৰুদ্ধে পহিলা ডিচেম্বৰৰ পৰা চলিব বিশেষ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- পৰিবহণ বিভাগক যাৱতীয় কৰ বা ৰাজহ আদায় নিদিয়াকৈ অবৈধভাৱে ৰাজপথত চলি থকা সকলো শ্ৰেণীৰ বাহনৰ বিৰুদ্ধে গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কার্যালয়ে পহিলা ডিচেম্বৰৰ পৰা বিশেষ অভিযান আৰম্ভ কৰিব । মূলত ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে যান বাহনৰ গৰাকী সকলক কৰ আদায় দিয়াৰ বাবে সাতবাৰকৈ সময়সীমা বৃদ্ধি কৰিছিল । সেই অন্তিম সময়সীমা ইতিমধ্যে ৩১ অক্টোবৰত উকলি গৈছে । কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) জিলা পৰিবহণ বিষয়াৰ দায়িত্বত  সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে অন্তিম সময়সীমা উকলি যোৱাৰ পূৰ্বতে একাংশ যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়াসহ যাৱতীয় কৰ কাটল আদায় দিছে । কিন্তু কেইবাবাৰো আবেদন – নিবেদন জনোৱা স্বত্বেও বহু যান বাহনৰ গৰাকীয়ে অদ্যাপি পৰিবহণ বিভাগক কৰ আদায় দিয়া নাই । ফলত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে বকেয়াসহ  যাৱতীয়  কৰ নিদিয়াকৈ  অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহণ সেৱাৰ যান বাহনৰ বিৰুদ্ধে পহিলা ডিচেম্বৰৰ পৰা বিশেষ অভিযান আৰম্ভ কৰিব । অভিযান কালত কৰ আদায় নিদিয়াকৈ পথত চলি থকা বাহন ধৰা পৰিলে মটৰ পৰিবহণ আইনৰ অধীনত তেনে বাহন জব্দ কৰা হ’ব । পৰৱৰ্তী সময়ত জৰিমনাসহ যাৱতীয় কৰ আদায় দিয়াৰ পাছতহে সেই জব্দকৃত বাহন গৰাকীয়ে মোকোলাই নিব পাৰিব । যাৰ বাবে বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া যান বাহনৰ গৰাকী সকলক শেষবাৰৰ বাবে ৩০ নৱেম্বৰৰ ভিতৰত  কৰ আদায় দিবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আহ্বান জনাইছে ।