কাব্যগ্ৰন্থ ‘গৰখীয়া বাঁহীৰ সুৰ’ উন্মোচন

কাব্যগ্ৰন্থ ‘গৰখীয়া বাঁহীৰ সুৰ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- কবি,সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনৰ গুৱাহাটীত সপ্তমখন কাব্যগ্ৰন্থ ‘গৰখীয়া বাঁহীৰ সুৰ’ উত্তৰণ সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,বিশিষ্ট অতিথি হিচাপে সাহিত্যিক ৰমেন দাস, শিক্ষাবিদ ডঃ ভবেশ শৰ্মা,কবি ডঃ বিনয় কুমাৰ মজুমদাৰ, নাট্যকাৰ,কবি সমৰেন্দ্ৰ বৰ্মন, শিক্ষাবিদ কনক বৰ্মন সাহিত্যিক ৰূপেন চৌধুৰী আৰু প্ৰানেশ্বৰ বৰ্মন আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷