কাতি বিহু – নিতিস্মান দাস

pc Prag News

কাতি বিহু

-নিতিস্মান দাস

বিহু, বিহু, বিহু,

আহিল কাতি বিহু,

তুলসীৰ তলে তলে চৰে মৃগ পশু।

এই বিহুটি আমাৰ বাপুটি সাহোন,

গঢ়ে অসমীয়াই একতাৰ বান্ধোন।

আনন্দৰে অসমীয়াই কৰে উদযাপন,

হয় ধৰা খনি বিনন্দীয়া আৰু আনন্দৰ মন।

প্রাচীন কালৰ পৰাই চলি আহিছে এই বিহুটি,

চহৰে, নগৰে, গাওঁৱে-ভূঁইয়ে, জ্বলাই বন্তি।

এই বিহুত সকলো কঙাল হয়,

বিহুটিৰ নিশাত, শীতল বতাহ বয়।

বিহুটিত ধাননি ভৰি হয় সেউজীয়া,

পথাৰৰ লখিমীৰ বাবে, কৃষকৰ মুখত হাঁহি মিচিকিয়া।

পথাৰ খনিত শস্যৰ হয় পৰিৱৰ্তন,

নামঘৰত ভকতসৱে কৰে কীৰ্তন।

পৱনৰ স্পৰ্শত সেউজ ধাননীৰ নাচোন,

গধূলিৰ বেলাত বন্তিৰ সৈতে জিলিকি থাকে জোন।

পথাৰৰ লখিমীৰ আগমনে ঘৰ হয় সুমঙ্গলময়,

আহিন মাহৰ শেষত বিহুটি আদৰি লোৱা হয়।

কাতিৰ পাছত আঘোণত ধাননীৰ সমাপ্তি হৈ যায়,

লখিমীৰ আগমনত সকলোৱে আৰ্শীবাদ পায়।