কাতি বিহু উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে জনসাধাৰণক ওলগ জনাই

pc IndiaToday

কাতি বিহু উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে জনসাধাৰণক ওলগ জনাই

ৰঙিলী বাৰ্ত্তাসেৱা – সমগ্ৰ অসমতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কাতি বিহু পালন কৰা হয়। কৃষিভিত্তিক এই জাতীয় উৎসৱত পথাৰৰ শইচৰ শ্ৰীবৃদ্ধি কামনাৰ লগতে পোক-পতংগৰ উপদ্ৰপৰ পৰা কৃষিক্ষেত্ৰ নিৰাপদে ৰখাৰ কামনাৰে ধাননি পথাৰত চাকি-বন্তি জ্বলোৱা হয়। পূৰ্বৰে পৰাই পৰম্পৰা ৰক্ষা কৰি আজি ঘৰৰ চোতালৰ মূৰত মাটিৰ ভেটি স্থাপন কৰি নতুনকৈ তুলসী পুলি ৰোপন কৰি সন্ধিয়া বন্তি জ্বলোৱা হয়। ইয়াৰ লগতে ঠায়ে ঠায়ে আকাশবন্তি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ লগতে সমাজৰ পৰা অসূয়া অশান্তি আঁতৰ হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনোৱা হয়।

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কাতি বিহু উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে, অসমৰ অৰ্থনীতি কৃষিনিৰ্ভৰ আৰু ৰাজ্যখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰা হেতুকে এই বিহুৱে অসমবাসীৰ বাবে গভীৰ তাৎপৰ্য্য বহন কৰে। তেওঁ কয় যে, অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ কাতি বিহু উদযাপনৰ পৰম্পৰাই প্রকৃতি শস্য শ্যামলা হোৱাৰো ইংগিত বহন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীক বিশেষকৈ কৃষক সমাজক আন্তৰিক ওলগ জনাইছে। এটা বিবৃতিযোগে মুখ্যমন্ত্রীয়ে কয় যে, কাতি বিহুৰ চাকিৰ পবিত্ৰ পোহৰে অসূয়া-অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়। কৃষিভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰসমূহ সোণগুটিৰে উপচি পৰি ৰাজ্যখনৰ কৃষক সমাজক অধিক উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।