কাঃয়ুম তই…- নন্দেশ্বৰ মিলি

Pc- Pexels

কাঃয়ুম তই…

বসন্তৰ ন-কুঁহিপাত যেন মোৰ
হৃদয়ত এটি আশা
জী উঠিছিল জানা
তোমাৰ মায়াসনা পৰশত।
বৰ্ষাৰ টোপাল টোপাল
কণিকাৰ আৱেগত
উৰুৱাই দিছিলোঁ জানা
মোৰ বহুদিনীয়া
সাঁচি ৰখা হেঁপাহ ।
কাঃয়ুম মোৰ বুকুৰ উপত্যকাত
কঁহুৱা বননিৰ এটি কানন
তোমাৰ বাবে পাতিছিলোঁ
শৰতৰ এটি মিঠা স্মৃতিত।
ফাগুনৰ যৌৱনা বুকুত
ধূলিয়াৰী ছন্দ উৰুৱাই
শিমলু ৰঙা তেজ
কাঃয়ুম তই ল’লি
কপালৰ সেওঁতাত।
নন্দেশ্বৰ মিলি