কল্পনা
মোৰ মনৰ মোৰ হৃদয়ৰ কল্পনা
আছো যেন এখনি বিশাল ধৰণীত;
কিন্তু মোৰ কল্পনা যে এটি ধূলিকণা
ভাৱনা যেন বৈ গৈছে হৃদয়খনিত।
কি সুন্দৰ মই যেন পাইছো জীৱন
আত্মহাৰা হৈ পৰো এই কথা ভাবিলে;
ঈশ্বৰৰ কিমান যেন দয়ালু মন
আমাক আই প্ৰকৃতিক দান কৰিলে।
এই ধুনীয়া ধৰা ঈশ্বৰৰ কল্পনা
সুন্দৰ কল্পনা আমাৰো থকা উচিত;
তেহে পাবা যেন জীৱনত সফলতা
আৰু যেন মন জানা হব পুলকিত।
সৱৰে সুন্দৰ কল্পনা থকা উচিত,
তেহে হব উজ্জ্বল ভৱিষ্যত নিশ্চিত।
–নিতিষ্মান দাস
অষ্টম শ্ৰেণী