কলাক্ষেত্ৰত উত্তৰ পূব যুৱ সমাৰোহ

PC Northeast Now

কলাক্ষেত্ৰত উত্তৰ পূব যুৱ সমাৰোহ

ৰঙিলী বাৰ্ত্তাসেৱা-  যুৱ সংসদ ,ভাৰতীয় শিক্ষণ মণ্ডল,উত্তৰ অসম প্ৰান্তৰৰ উদ্যোগত শুকুৰবাৰে  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত উত্তৰ পূব যুৱ সমাৰোহ অনুষ্ঠিত হয়৷ ড° অদিতি দাসে আঁ‌তধৰা উদ্বোধনী অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।উত্তৰ পূব যুৱ সমাৰোহৰ মুখ্য উদ্দেশ্য হৈছে বৌদ্ধিক যোদ্ধা সৃষ্টিৰ লগতে শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগৰণুৱা কৰোৱা ।আগন্তুক তিনি দিনত মুঠ আঠটা আলোচনা সত্ৰ লগতে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ,কুইজ , মডেল সংসদীয় তৰ্কৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।উত্তৰ পূব যুৱ সমাৰোহৰ সভাপতি ড° নৱজ্যোতি বৰাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে এটি শুভেচ্ছা বাৰ্তা আগবঢ়ায়। তেওঁ সংবিধানৰ বুৰঞ্জীৰ বিষয়ে অৱগত কৰায়। প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক সংবিধানখন পঢ়িবলৈ আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে জানিবলৈ তেওঁ আহ্বান জনায়।শিশুসকলক তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ উৎসাহিত কৰিব লাগে আৰু নতুন শিক্ষা নীতিৰ জৰিয়তে এটা বিপ্লৱ আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।শুভেচ্ছা বাৰ্তা আগবঢ়াই প্ৰতাপ জ্যোতি সন্দিকৈ,  ক্ষেত্ৰ সংঘ চালক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ড° উমেশ চক্ৰৱৰ্তীয়ে৷অনুষ্ঠানত উপস্থিত থাকে  মুকুল কানিটকাৰ আৰু ড° নীলমোহন ৰয়।