২৪জন সমাজকৰ্মীৰ কংগ্ৰেছত যোগদান

Pc DNA India

২৪জন সমাজকৰ্মীৰ কংগ্ৰেছত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত  অনুষ্ঠিত এখন সভাত প্ৰায় ২৪ জন সমাজকৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে৷প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সভাপতিত্ব কৰা সভাত জ্যেষ্ঠ নেতা শৰৎ বৰকটকী,বলিন কুলি আদি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷কংগ্ৰেছ দলত যোগদান কৰা ব্যক্তিসকল হ’ল- অধিবক্তা নিৰ্বাণ কান্তি দত্ত,ঋতুৰাজ পাটৰ,মহাপ্ৰৱন্ধক সৰ্বানন্দ বৰা,আপৰ প্ৰাক্তন আহ্বায়ক দেৱৰাজ কাকতি,সাংবাদিক জয়দ্বীপ বিশ্বাস,পিয়লী ঘোষ,চিএ অংকিত আগৰৱাল,অশোক কুমাৰ আগৰৱাল,শিৱ কুমাৰ শন্যাল,বিজেপি সদস্য পাৰ্থ প্ৰতীম বৰা,ৰীমা দাস,বেংগলী সুৰক্ষা সমিতিৰ সভাপতি সুজয় বিশ্বাস,সমাজসেৱক গোপাল দাস,ব্যৱসায়ী উত্তম দাস,তৰংগ জ্যোতি বৰুৱা কাকতি,টিংকু ৰয়,ৰুমী দেউৰী,এজেপিৰ সদস্য অমিত দাস,সমাজসেৱক অত্ৰায়ী নন্দী,ঋষিৰাজ দাস,সদৌ অসম বেংগলী সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি বাপন দাস,সাধাৰণ সম্পাদক নবীন ৰয়,দ্বীপজ্যোতি চক্ৰৱৰ্তী,সুবল দাস৷