কলংপাৰ বিদ্যাপীঠৰ প্ৰতিষ্ঠা দিৱস

কলংপাৰ বিদ্যাপীঠৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- কলংপাৰ বিদ্যাপীঠৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণী সভাখন অনুষ্ঠিত হয়৷ মুকলি সভা, সন্মান প্ৰদান, বঁটা প্ৰদান আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷মুখ্য অতিথি হিচাপে উপস্হিত থাকে ইউনিভাৰ্ছিটি অফ ছায়েন্স এণ্ড টেকনলজি, মেঘালয়ৰ সম উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাস৷ অভিনেতা, নৃত্যশিল্পী লক্ষীধৰ বৰাক হেমকান্ত শৰ্মা সোঁৱৰণী বঁটা,সংকল্পজিৎ শইকীয়াক শিক্ষাবিদ হৰেশ্বৰ গোস্বামী সোঁৱৰণী বঁটা,২০২৩ বৰ্ষৰ কলংপাৰশ্ৰেষ্ঠ সন্মান প্ৰদান অনুভূতি ৰাজখোৱা আৰু বাণিজ্য শাখাৰ অংকিতা দেৱীক প্ৰদান কৰে৷ সাংস্কৃতিক অনুষ্ঠানত গীত আৰু কথাৰে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী বিৰিণা পাঠকে । নগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱাহুতি বৰাক শুভাঞ্জলি জ্ঞাপন কৰে৷