কয়লা চিণ্ডিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ

কয়লা চিণ্ডিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন স্থিতি লোৱাৰ ভাষন দিয়া বিজেপি চৰকাৰ এতিয়া হাঁহিয়াতৰ পাত্ৰ হবলৈ ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে, অসমত কোনো ধৰণৰ কয়লা চিণ্ডিকেট চলা নাই। কিন্তু অসমত কি হাৰত চিণ্ডিকেট চলিছে সেই কথা ইতিমধ্যে শাসকীয় দলৰ দুই বিধায়কৰ মুকলি আৰু প্ৰত্যক্ষ সংঘাতে প্ৰমাণ কৰিলে।এই বক্তব্য অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ ৷ অসমত চলি থকা কয়লাৰ অবৈধ খনন , সৰবৰাহ আৰু ছিণ্ডিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে, অসমত ছিণ্ডিকেটৰাজ চৰকাৰৰ পৃষ্ঠপোষকতাত যে চলিছে সেই কথাত কাৰোৰে এতিয়া দ্বিমত নাই। কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি এতিয়া বিজেপিৰ দুই বিধায়কৰ মাজত সংঘাত। যোৱা ৬ নৱেম্বৰত ডিগবৈৰ বিধায়ক সুৰেশ ফুকনে কয়লা ট্ৰাক আবদ্ধ কৰি ঘূৰাই পঠিয়াই। কিন্তু পিছদিনাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ পালি পহৰীয়া লৈ কয়লাৰ ট্ৰাক পাৰ কৰিবলগীয়া অৱস্থা আহি পৰিছে। মাৰ্ঘেৰিটাৰ বিধায়কজনৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো প্ৰশাসনৰ কোনো ভ্ৰুক্ষেপ নাই। সৰু সৰু মানুহবোৰে পাচঁ-হাজাৰ টকা উৎকোচ লোৱাৰ হাত দাঙি সংবাদমাধ্যমত ফটো ভিডিঅ’ দিলেই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা বুজাই নেকি? আজি চাৰিওপিনে হাজাৰ কোটি টকাৰ কেলেংকাৰী, ছিণ্ডিকেট, দুৰ্নীতি কিন্তু চৰকাৰৰ এইবোৰৰ প্ৰতি কাণসাৰ নাই। ন্যায়ধীশ বি. পি. কটকীয়ে ২০২১ চনতেই কয়লা ছিণ্ডিকেট, অবৈধ সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছিল। আচৰিত কথা এইটো যে, ৰাজ্যৰ গৃহবিভাগত দাখিল কৰা এই প্ৰতিবেদনখন চৰকাৰে ৰাজহুৱা নকৰিলে। এই প্ৰতিবেদনখনত কয়লাৰ অবৈধ সৰবৰাহ আৰু কয়লাৰ ছিণ্ডিকেট ৰোধৰ বিষয়েও চৰকাৰক পৰামৰ্শ দিয়া হৈছিল। কিন্তু অসমই চৰকাৰে এই সকলোবোৰত কোনো গুৰুত্ব আৰোপ নকৰিলে। আনকি কয়লা ছিণ্ডিকেট সন্দৰ্ভত ন্যায়াধীশ কটকীৰ প্ৰতিবেদনত চিবিআইৰ তদন্ত দিব লাগে বুলিও পৰামৰ্শ দিয়া হৈছিল ৷ ২০১৯ চনত ডিগবৈৰ সেই বিধায়কজনে কয়লাৰ অবৈধ সৰবৰাহৰ ওপৰত ফেচবুক লাইভ কৰিছিল আৰু পুনৰ ৬ নৱেম্বৰ তাৰিখে তেওঁ ৰাজপথত কয়লাৰ ট্ৰাক আবদ্ধ কৰি ঘূৰাই পঠিয়ালে। পিছত শাসকীয় দলৰেই আন এজন বিধায়কে সেই ট্ৰাকবোৰ মোকলাই আনিলে ৷ এই কথাবোৰ বিৰোধীয়ে সজাই পৰাই কোৱা নাই, এইবোৰ অসমৰ সংবাদ মাধ্যমে দেখুওৱা কথা। সংবাদ মাধ্যমে গাড়ীৰ তথ্য প্ৰকাশ কৰিও বাতৰি পৰিবেশন কৰিছে। ইয়াৰ উপৰিও শৰ্মা ডাঙৰীয়াই ন্যায়ধীশ বি. পি. কটকীয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰাৰ আৰু অবৈধ কয়লাৰ খনন, সৰবৰাহ আৰু চিণ্ডিকেট বন্ধ কৰাৰ দাবী জনায়। উক্ত প্ৰতিবেদনত কিদৰে পৰ্যাপ্ত আৰক্ষী নোহোৱাৰ বাবে প্ৰশাসনে এই দুৰ্নীতিবোৰ ৰোধ কৰিব পৰা নাই বুলি স্বীকাৰ কৰা বুলিও উল্লেখ কৰা আছে । লগতে অতিসোনকালে শাসকীয় দলৰ দুয়োজন বিধায়কক তদন্তৰ আওতালৈ অনাৰ, প্ৰয়োজন হলে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ দাবী তুলিলে অসম তৃণমূল কংগ্ৰেছে।