কমনৱেলথ গেমছৰ পুৰুষৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেলত প্ৰৱেশ ভাৰতীয় সাঁতোৰবিদ পেজ, ৰাৱাটৰ

Pc- Mathrunhumi English

কমনৱেলথ গেমছৰ পুৰুষৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেলত প্ৰৱেশ ভাৰতীয় সাঁতোৰবিদ পেজ, ৰাৱাটৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত নিজ নিজ হিটত চতুৰ্থ স্থান দখল কৰি পুৰুষৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেলত যোগ্যতা অৰ্জন কৰে ভাৰতীয় সাঁতোৰবিদ অদ্বৈত পেজ আৰু কুশাগ্ৰা ৰাৱটে। পেজৰ হিট ৱানত ১৫:৩৯.২৫ ছেকেণ্ড  সময় আৰু হিট টুত ৰাৱাটৰ ১৫:৪৭.৭৭ সময় আছিল। ফাইনেলখন আজি অনুষ্ঠিত হʼব।