ক’ভিড ভেকচিনৰ এক লাখ পালি প্ৰদান গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ

Pc- The Indian express

ক’ভিড ভেকচিনৰ এক লাখ পালি প্ৰদান গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিড ভেকচিনৰ এক লাখ পালি প্ৰদান কৰে গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালে। গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত কুমাৰ বৈশ্যই  এই সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মীকে ধৰি ভেকচিন প্রদান প্রক্রিয়াত জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ লগতে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড প্র’টকল মানি চলিবলৈ আহ্বান জনায়। তেওঁ কয় যে ক’ভিড এতিয়াও সমাজৰ পৰা আঁতৰি যোৱা নাই। সেয়েহে ভেকচিন ল’লেও সকলোৱে ক’ভিড প্ৰট’কল মানি চলিব লাগে। ইফালে, জি এম চি এইচৰ অধ্যক্ষ অভিজিৎ শৰ্মাই চিকিৎসালয়খনত এক লাখ ড’জ ক’ভিড ভেকঠিন সম্পূর্ণ হোৱা উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহস্তক কৃতজ্ঞতা জ্ঞাপন কৰে।