ক’ভিডৰ বুষ্টাৰ ড’জৰ অভিযান অন্ত পৰিলেই আহিব নাগৰিকত্ব সংশোধনী আইন (কা): গৃহ মন্ত্ৰী অমিত শ্বাহ

Pc Hindustan Times

ক’ভিডৰ বুষ্টাৰ ড’জৰ অভিযান অন্ত পৰিলেই আহিব নাগৰিকত্ব সংশোধনী আইন (কা): গৃহ মন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  নাগৰিকত্ব সংশোধনী আইন (কা)খন ক’ভিড-১৯ৰ ভেকচিনৰ বুষ্টাৰ ড’জ বা সতর্কতামূলক পালি দিয়াৰ অভিযান শেষ হ’লেই বলবৎ কৰা হ’ব।মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ‘কা’ বলবৎৰ বিষয়ে এইদৰে কয়। উল্লেখযোগ্য যে,পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁক অতি সোনকালে নাগৰিকত্ব আইন (কা) কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।অধিকাৰীয়ে কৈছিল যে, ‘কা’ কাৰ্যকৰীকৰণ পশ্চিম বংগৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্যখনত বহু সংখ্যক লোক আছে যি ইয়াৰ ব্যৱস্থাৰ পৰা লাভান্বিত হ’ব পাৰে।গৃহমন্ত্রী অমিত শ্বাহে অধিকাৰীক আশ্বাস দি কয় যে,’ক’ভিড সাৱধানতা পালি শেষ হোৱাৰ পিছত ‘কা’ৰ নিয়মবোৰ প্ৰস্তুত কৰা হ’ব।ক’ভিড-১৯ৰ ভেকচিনৰ বুষ্টাৰ ড’জ বা সতর্কতামূলক পালি দিয়াৰ অভিযান শেষ হ’লেই বলবৎ কৰা হ’ব।আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্টি আৰু খ্ৰীষ্টান প্ৰব্ৰজনকাৰীয়ে এই আইনৰ ফলত ভাৰতৰ নাগৰিকত্ব লাভ কৰিব।” ইয়াৰ পূৰ্বেও গৃহ মন্ত্ৰী অমিত শ্বাহে মে’ মাহত পশ্চিম বংগত এক ৰেলী সম্বোধন কৰি কৈছিল যে, ক’ভিড মহামাৰী সমাপ্ত হোৱাৰ পিছত আইনখন কাৰ্যকৰী কৰা হ’ব।