ক’ভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ক’ভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত নহয় লকডাউন।কিন্তু ক’ভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিব।মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য৷মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি কয়,”লকডাউন অসমত হ’বনে নহয়? এই বিষয়ত বাতৰি কাকতত চৰ্চা চলি আছে৷আমি কোনেও লকডাউন হোৱাতো নিবিচাৰো৷অসমত লকডাউন নহয়েই৷কিন্তু ৰাইজে ভেকচিন ল’ব লাগিব৷যেনেকৈ হ’লেও সকলোৱে ভেকচিন লওক৷প্ৰথম পালিৰ পাছত দ্বিতীয় পালি ভেকচিন ল’বলৈ নাপাহৰিব৷ক’ভিডৰ পৰা আমি বাচিবই লাগিব৷ভেকচিন লৈ ক’ভিডৰ পৰা ৰক্ষা পৰিব লাগিব৷নিৰ্বাচন আহিব আৰু যাব৷কিন্তু ক’ভিডৰ পৰা সকলো বাচিব লাগিব৷স্কুল যাব লাগিব৷ব্যৱসায় কৰিব লাগিব৷সেয়ে আমি সকলোৱে সাৱধান হৈ থাকিব লাগিব৷” ইফালে শীঘ্ৰে ৰাজ্যত ঘোষণা হ’ব পাৰে ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা।১৭ৰ পৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীকো দিয়া হ’ব ভেকচিন৷এই সন্দৰ্ভত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক’লে- দিল্লীৰ পৰা নিৰ্দেশ আহিছে৷১৭ বছৰৰ পৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিব লাগিব৷ৰাইজ, সকলোৱে ১৭ৰ পৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিয়াওক৷”