ক’ভিডৰ পিছত এতিয়া সঘনাই শুনিবলৈ পোৱা বেমাৰ HMPV
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
ক’ভিডৰ সময়ত আমাৰ ভাৰতবৰ্ষই নহয় প্ৰায়বোৰ দেশে এই মহামাৰী প্ৰকোপ ভয়ত কপি আছিল ।সেই বিভীষিকা সময়খিনি মনত পৰিলে এতিয়াও মন সেমেকি যায়। কিমান আপোনজনৰ বুকু উদং হৈছিল ভুক্তভোগী সকলে নিশ্চয় অনুভৱ কৰিব পাৰে। অৰ্থনৈতিক দিশৰ ফালৰ পৰাও আমাৰ দেশে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। দোকান, স্কুল/কলেজ অফিচ কাছাৰী ,প্ৰতিষ্ঠান বন্ধ দিব লগা হৈছিল। উপাই নাছিল কিছুমান ভুল সিদ্ধান্তৰ কাৰণেও জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছিল ।
এতিয়া অভিজ্ঞতাৰ ভিত্তিত সকলোৱে বুজিব পৰা হৈছে। সাধাৰণতে শীত কালতে ভাইৰাছ বোৰ সক্ৰিয় হৈ উঠে বুলি চিকিৎসক সকলৰ লেখাত পঢ়িবলৈ পাইছোঁ। গতিকে চৰ্দি কাঁহ,জ্বৰ এই শীতৰ সময়ত হোৱা ৰোগ ।গতিকে ক’ভিড তেনে এবিধ ভাইৰাচ আছিল ।এতিয়া HMPV তেনেকুৱা এবিধ বীজানু। ইয়াত ভয় খাব নালাগে বুলি টিভিৰ বাতৰিত চিকিৎসক সকলে আলোচনা কৰি থকা দেখাইছে মাত্ৰ ৰাইজক ধূলিবালি আদি কাৰণে মাক্স ব্যৱহাৰ কৰিব কৈছে।সৰু ল’ৰা ছোৱালীৰক আৰু বৃদ্ধ বয়সৰ আৰু বেমাৰী লোকসকলক অকণমান বিশেষ ভাবে যতন ল’ব লাগিব। তেওঁলোকে যাতে ঠাণ্ডা নাপাই আৰু পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। অকণমান সাৱধানতাৰে থাকিলে জীৱন মধুময় হয় ।