কভিডত মৃত্যুবৰণ কৰা প্ৰয়াত সাংবাদিক পত্নীক বিধবা সাহাৰ্য আঢ়ৈ লাখ টকা প্ৰদান, মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহাৰ্য আচঁনিৰ অধীনত ৯ গৰাকী স্বামীহাৰালৈ ওদালগুৰিত চেক বিতৰণ:
অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ‘মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহাৰ্য আচঁনিৰ অধীনত কভিড-১৯ত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা ওদালগুৰি জিলাৰ ৯ গৰাকী মহিলাক ১০ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে আঢ়ৈ লাখকৈ চেক বিতৰণ কৰা হয়।চেক প্ৰাপক সকল হ’ল ক্ৰমে ববিতা বড়ো(ৰৌতা), মিনুলী খেৰকটাৰী (হৰিশিঙা),সুমিত্ৰা ৰাভা(টংলা ),কৰবী দাস(ৰৌতা চাৰিআলি),মাইনাওবড়ো(কলাইগাওঁ),ৰনজিলা বসুমতাৰী(ৰৌতা),চাজুকীৰাভা(ওদালগুৰি),দিপালী ডেকা(পূৱ নলবাৰী)আৰু ৰেখা দেৱনাথ(খৈৰাবাৰী)। ওদালগুৰি জিলা গ্ৰাম্য অভিকৰণ এজেন্সীৰ সভাগৃহত অনুষ্ঠিত এই চেক বিতৰণ অনুষ্ঠানত অসম সংগীতেৰে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে। এই পৰ্যালোচনা সভাত মাজবাটৰ বিধায়ক চৰণ বড়ো,বিটিচিৰ ই এম দিগন্ত বৰুৱা,সঞ্জীৎ তাঁতী,মনোনীত এম চি এল এ অৰ্পণা মেধি,এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,এম চি এল এ ফ্ৰেছ মোছাহাৰী উপস্থিত থাকি অংশ গ্ৰহন কৰে।।সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰী অশোক সিংঘালে কয়- আজি জিলা খনৰ ২০ টাকৈ বিভাগৰ সৈতে উন্নয়নৰ দিশত আলোচনা কৰা হ’ল আৰু পৰ্যায়ক্ৰমে সমাধানৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক অনুৰোধ জনোৱা হৈছে।বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ কিদৰে সফল ৰূপায়ন কৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।ওদালগুৰি জিলাত অৰুণোদয়ৰ কাম কিছু লেহেমীয়া হৈছে যদিও তৃতীয় পৰ্যায়ত চলি আছে আৰু ইতিমধ্যে ২৮,৫০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে।তেওঁ লগতে সাংবাদিক সকলৰ সৈতেও জিলাখনৰ উন্নয়নৰ বাবে বহিব উল্লেখ কৰে।কাৰণ ওদালগুৰিক এক ভাল পৰিবেশৰ মাজেজে উন্নয়শ দিশত আগুৱাই নিব লাগিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে।জলসিঞ্চন ব্যৱস্থা সঠিকভাবে চলা নাই যদিও ভালদৰে চলাই নিয়াৰ ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে।শেহতীয়াকৈ কভিডত আক্ৰান্তহৈ মৃত্যু বৰণ কৰা টংলাৰ সাংবাদিক ধনেশ্বৰ ৰাভাৰ পত্নী সুমিত্ৰা ৰাভাক আঢ়ৈ লাখ টকা প্ৰদান কৰা কাৰ্যক আপকু,বিটিএডি সাংবাদিক সংস্থাৰ ওদালগুৰি জিলা সমিতি,ওদালগুৰি প্ৰেছ ক্লাব,ওৰাং সাংবাদিক সংস্থা,সাংবাদিক কল্যান ন্যাস সমিতি, টংলা মেডিয়া চাৰ্কোল,ওদালগুৰি মহকুমা সাংবাদিক সংস্থা,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি,বিটএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধানৰ সম্পাদক নব কুমাৰ ডেকা আদিয়ে আন্তৰিক ধন্যবাদ জনাইছে।