গাঁও অঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিলে ৩৫বিঘা ভূমি লাগিবঃ মুখ্যমন্ত্ৰী

গাঁও অঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিলে ৩৫বিঘা ভূমি লাগিবঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা– দিছপুৰৰ লোকসেৱা ভৱনত মঙলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিলে।  কেবিনেট বৈঠকৰ বিস্তৃত তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ভূমি ৰূপান্তৰৰ বিধি অধিক সহজ কৰাৰ লক্ষ্যৰে আগন্তুক বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন কৰা হ’ব গুৰুত্বপূৰ্ণ বিধেয়ক। এই অধিৱেশনত কেইবাখনো সংশোধনী বিধেয়ক উত্থাপনৰ কথাও আজি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। এই লক্ষ্যৰে আজি কেবিনেটে ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ প্ৰকল্প স্থাপনৰ বাবে কৃষিভূমিৰ ব্যৱহাৰত এতিয়া জিলা আযুক্তৰ অনুমোদনৰ প্ৰয়োজন নহ’ব। এইক্ষেত্রত স্বয়ংক্রিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি প্রদান কৰিবলৈ অনুমোদন জনায়। কেবিনেটে আজি ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ বৈধতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাত অনুমোদন জনায়। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে আজি অসম পর্যটন আৱাস (বিকাশ আৰু পঞ্জীয়ন) বিধি ২০২৬ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে পৰ্যটক আৱাস প্রতিষ্ঠান যেনে- হোটেল, ৰিজ’ৰ্ট, মটেল, অতিথিশালা, ল’জ, ছার্ভিচ এপার্টমেন্ট, হোমস্টে’ আৰু টেণ্টযুক্ত আৱাস আৰু ঐতিহ্যবাহী হোটেলত পঞ্জীয়নৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হ’ব। এই বিধিয়ে প্রতি তিনি বছৰৰ মূৰে মূৰে এক স্বয়ংক্রিয় নৱীকৰণ প্ৰণালী প্ৰৱৰ্তন কৰিব। তদুপৰি এই বিধি অনুসৰি অসমৰ হোমষ্টে’ৰ কোঠাসমূহ ৬-৮লৈ বৃদ্ধি কৰিব পাৰিব। কেবিনেটে আজি উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ব্যক্তিগত খণ্ডত স্থাপন হ’বলগা অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনীৰ জৰিয়তে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে গাঁও অঞ্চলত পূর্বে ৬০ বিঘা ভূমিৰ প্ৰয়োজন আছিল। এই ভূমি ৩৫ বিঘালৈ হ্রাস কৰে কেবিনেটে। একেদৰে নগৰ অঞ্চলত ৩০ বিঘাৰ পৰা ২১ বিঘালৈ হ্রাস কৰা হয়। কেবিনেটে আজি অসম চাহ নিগম লিমিটেডক (এটিচিএল) কার্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ আঁচনি প্ৰক্ৰিয়াক গতি প্ৰদানৰ বাবে ৯.৭৫ কোটি টকাৰ অনুমোদন জনায়। কেবিনেটে আজি বিদ্যালয় শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে এলানি সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে আজি ব্যক্তিগত বিদ্যালয়সমূহৰ বাবে আন কিছু নিয়ম শিথিল কৰে। সেই অনুসৰি নগৰ অঞ্চলত ব্যক্তিগত বিদ্যালয় স্থাপনৰ বাবে পূর্বে দুই বিঘা ভূমিৰ প্ৰয়োজন আছিল। এই ভূমিৰ পৰিমাণ এক বিঘালৈ হ্রাস কৰা হয়। আনহাতে গাঁও অঞ্চলত এই বিদ্যালয় স্থাপনৰ বাবে ৬ বিঘা ভূমিৰ প্ৰয়োজন আছিল। এই ভূমিৰ পৰিমাণ ৩ বিঘালৈ হ্রাস কৰা হয়। উল্লিখিত বিদ্যালয়সমূহে চৌহদ, দেৱাল, মহিলা প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুবিধা, দুর্যোগ প্রশমনৰ সুবিধা, দিব্যাংগ বন্ধুত্বমূলক সেৱাসমূহ নিশ্চিত কৰিব লাগিব।