ক’ভাৰিং ক্লাইমেট নাও জার্নেলিজম এৱাৰ্ড-2022 বঁটা লাভ গুৱাহাটীৰ সাংবাদিক চন্দ্রানী সিন্হাৰ

ক’ভাৰিং ক্লাইমেট নাও জার্নেলিজম এৱাৰ্ড-2022 বঁটা লাভ গুৱাহাটীৰ সাংবাদিক চন্দ্রানী সিন্হাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ সাংবাদিক চন্দ্রানী সিন্হাই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এক আন্তঃজাতিক সন্মানীয় বঁটা লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। একমাত্ৰ ভাৰতীয় সাংবাদিক হিচাপে সিন্হাই ‘ক’ভাৰিং ক্লাইমেট নাও জার্নেলিজম এৱাৰ্ড-2022′ লাভ কৰিবলৈ সক্ষম হৈছে।চন্দ্রানী সিন্হাই দ্য লেমেণ্টছ অৱ ব্ৰহ্মপুত্ৰ’ শীৰ্ষক ভিডিঅ তথ্যচিত্ৰখনৰ বাবে এই সন্মান লাভ কৰিছে।অসমত প্ৰতিবছৰে হোৱা বানৰ ফলত ক্ষতিগ্ৰস্তসকলৰ দুৰ্ভোগক মূল বিষয়বস্তু হিচাপে লৈ ‘দ্য লেমেণ্টছ অৱ ব্ৰহ্মপুত্ৰ’ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে। চলিত বৰ্ষত উক্ত সন্মানীয় বঁটাৰ বাবে মনোনীত হৈছিল বিশ্বৰ ৬৫খন দেশৰ ৯০০জনৰো অধিক ব্যক্তিক। ইয়াৰে ২৩জনক চূড়ান্ত পর্যায়লৈ বাছনি কৰা হয়। বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে গার্ডিয়ান, এজেঞ্চ-ফ্রেন্স প্ৰেছ, অল জাজিৰা, পি পি এছ নিউজ আৱাৰ, গ্ল’বো, এইচ বি অ’ মেক্স, থার্ড প’ল, গ্ৰীষ্ট, দ্য পোষ্ট এণ্ড কুৰিয়াৰ, দ্য লছ এঞ্জেলছ টাইমছ আৰু ডব্লিউ জি বি এইচ পি আৰ এক্সৰ সাংবাদিক। অসমৰ সাংবাদিক সিন্হাই দেশ আৰু বিদেশৰ বিভিন্ন সংবাদ প্রতিষ্ঠানলৈ অৰিহণা আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত বিবিচি, ক্লাইমেট হোম, ৱাশ্বিংটন প’ষ্ট, ভাইছ ইউ এছ আৰু টাইমছ ইউ কে উল্লেখযোগ্য।