“কবিতা আৰু কবিৰ ঠিকনা” – দাদুমণি বৰা, যোৰহাট

pc Artogram

বিষণ্ণ ৰাতিত
হীৰুদাৰ শব্দবোৰ
মোৰ বুকুত গান হৈ বাজে।
নিশি গন্ধাৰ সুবাসত
শব্দবোৰে
পখিলা হৈ নাছে।
সময়ৰ বুকুত খোদিত কৰে
বসন্ত কিম্বা ভোগালীৰ
এখন জলছবি৷
হীৰুদাৰ অবৰ্তমানত
শব্দবোৰ নিঃসংগ,
হীৰুদাৰ সান্নিধ্য বিচাৰে
উন্মাদ হৈ পৰে৷
মাজে মাজে পখিলা হৈ
ভ্ৰমি ফুৰে
সুগন্ধ ছটিয়াই,
যি গন্ধত
পুনঃ বিচাৰি পাওঁ হীৰুদাক
বিচাৰি পাওঁ হীৰুদাৰ ঠিকনা৷৷

 

 

 

উৎসৰ্গাঃ- প্ৰিয় কবি হীৰেন ভট্টাচাৰ্য্য (হীৰুদা)