কবিতাৰে চৰকাৰক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

PC-as.time8.in

কবিতাৰে চৰকাৰক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ৰাজনীতিত আকৌ কবিতা।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ লিখিলে কবিতা।এইবাৰ ভূপেন বৰাৰ সৃষ্টি নতুন কবিতা ‘দৰ্পচূৰ্ণ’।কবিতাৰে চৰকাৰক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।আকৌ কবিতাৰে সাম্প্ৰতিক সময়ৰ বাস্তৱক দাঙি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগও কবিতাটিৰ জৰিয়তে বৰাই উত্থাপন কৰিছে।বিজ্ঞাপনত কোটি কোটি টকা ব্যয়, হেলিকপ্টাৰৰ নামত ব্যয় আৰু বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ অত্যাধুনিক কাৰ্যালয়ৰ প্ৰসংগইও কবিতাটোত স্থান পাইছে।

ভূপেন বৰাৰ কবিতাটো-

দৰ্পচূৰ্ণ
জাতি মাটি ভেটি ৰক্ষা প্ৰচণ্ড শব্দ,
বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।।
উন্নয়নৰ গংগাৰ চলে আনিছে তাণ্ডৱ,
নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ,
মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ।
অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়,

মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।
বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰটো কোটি কোটি,
পদুম আজি বশিষ্ঠত হৈছে গগনচুম্বী,
অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে ধৰকাছুটি।
আঁউসী আন্ধাৰে আৱৰি আনিছে,
তেজস্বীতাৰ সুৰৰ বিননী ভাঁহী আহিছে,
কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন
জাতি, ভেটি ৰক্ষাৰ দর্পচূর্ণ ।।