ক’ত হেৰাই গ’ল-নিতিষ্মান দাস

pc pexels

ক'ত হেৰাই গ'ল

জানানে কিছু মধুৰ বস্তু হেৰাই গৈ আছে,

সেইবোৰ যেন অজান দেশলৈ গতি কৰিছে।

ভঁৰালৰ ধান খাই থকা ঘনচিৰিকাবোৰৰ কি হ'ল,

ধান খাব নিদিয়াৰ বাবে যেন খং কৰি গ'ল।

কি হ'ল বাৰু সেই ঢুলীয়াৰ মাত,

লাহে-লাহে হেৰাই গৈছে যেন সেই সুৰীয়া মাত।

হেৰাই আছে লাহে-লাহে সেউজীয়া পাত,

অপৱিত্ৰ কৰিছে নিজেই নিজৰ হাত।

গছবোৰক ধ্বংস কৰি চহৰ সাজিছে,

নিজৰ উশাহকে ধ্বংস কৰি আছে।

মোৰ বন্ধু জানানে? মানৱতা অন্ধকাৰত পৰিছে,

গছবোৰৰ পতন দেখি মোৰ দেহ প্ৰাণ জ্বলিছে।

পথাৰত থকা সেই গৰখীয়া ক'লৈ গ'ল,

সেইবোৰৰ বাৰু কি হ'ল।

বিহু আজি মঞ্চলৈ গ'ল,

এতিয়া! ৰাতি বিহুৰ বাৰু কি হ'ল।

জানানে ফুলবোৰ হেৰাই গৈ আছে,

সুবাসীত সুগন্ধ যেন নোহোৱা হৈছে।

নোহোৱা হৈছে আকাশৰ সেই চিলনীৰ জাকবোৰ,

নোহোৱা হৈছে চৰাইৰ সেই সুৰীয়া সুৰ।

ৰং মনেৰে পথাৰত খেলি থকা, সেই ল'ৰাবোৰৰ কি হ'ল,

ফাগুনৰ সেই চিলা উৰুৱা ল'ৰাটো ক'লৈ গ'ল।

ঘৰ-ঘৰ খেলি থকা সেই ছোৱালীবোৰৰ কি হ'ল,

উলাহেৰে খেলি থকা সেই লৰা-ছোৱালীবোৰ ক'লৈ গ'ল।

ক'ত হেৰাই গ'ল,

সেইবোৰ নোহোৱা হ'ল।

-নিতিষ্মান দাস

সপ্তম শ্রেণী