কছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত অহা ২৩ অক্টোবৰত উন্মোচন হব “মহাশয়”

কছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত অহা ২৩ অক্টোবৰত উন্মোচন হব “মহাশয়”

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ‘মহাশয়’ শব্দটো সমাজৰ সন্মানীয় ব্যক্তি , বিশেষকৈ শিক্ষাগুৰু সকলক কৰা এক শ্ৰদ্ধা-ভক্তিৰ সুন্দৰ সম্বোধন আছিল ৷ কালক্ৰমত এনে এটা মান্য শব্দৰ ব্যৱহাৰকমি আহি আমাৰ মুখৰপৰা হেৰাই যোৱাৰ উপক্ৰম হ’ল ৷ এদিন হয়তো মানুহ গঢ়াৰ খনিকৰ সেই মহান মহাশয় সকলৰ মৃত্যুৰ পাছত তেখেতসকলৰ জীৱন চৰ্যাৰ প্ৰেৰণাদায়ক কাহিনীবোৰো বিস্মৃতিৰ গৰ্ভত হেৰাই যাব ৷ তেনে কিছু স্মৃতি আৰু কাহিনী ধৰি ৰখাৰ মানসেৰে শিক্ষাবিদ শ্ৰী গুনেন বৰাদেৱে ,প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম ‘মহাশয়’ তথা প্ৰাতঃস্মৰণীয় শিক্ষাগুৰু ৺ হীৰেশ্বৰ গগৈদেৱৰ স্মৰণেৰে আৰম্ভ কৰি তেখেতৰ হাইস্কুলীয়া শিক্ষা জীৱনলৈকে লগপোৱা শিক্ষাগুৰু সকলৰ সান্নিধ্যৰ মধুৰ সোঁৱৰণীৰে লিপিবদ্ধ কৰি লিখি উলিয়াইছে – ‘মহাশয়’ ৷ সাহিত্য -সংস্কৃতি তথা আধ্যাত্মিক সমাজখনৰ লগত ওতপ্ৰোতভাবে জড়িত বৰাদেৱ অসমীয়া ভাষাটোৰ প্ৰতি দায়বদ্ধতাৰে লিখামেলা কৰি সেৱা-চৰ্চা আগবঢ়াই আহিছে ৷ ‘মহাশয়’ৰ বুকুত সামৰি লোৱা আজীৱন শিক্ষাব্ৰতী কীৰ্তিমান সকলৰ স্মৃতি ধৰি ৰাখিবলৈ সক্ষম হৈছে ৷ এনে এখন গ্ৰন্থই উন্মোচন হব গোলাঘাটৰ কছাৰীহাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ২৩ অক্টোবৰ,2022 তাৰিখ দেওবাৰে।