কচুৱাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে পৰিবহন শ্ৰমিক সন্থাৰ লগতে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

কচুৱাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে পৰিবহন শ্ৰমিক সন্থাৰ লগতে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা-   নগাঁও জিলাৰ কঠিয়াতলী উপসংমণ্ডলৰ অন্তৰ্গত কচুৱা তিনিআলিত বিদ্যুৎ বিভাগৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ লগতে পৰিবহন শ্ৰমিক সন্থাই । প্ৰতিবাদকাৰী সকলৰ মতে যি খিনি সময়ত বি জে পি চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ সেৱা দিয়াৰ কথা কৈছিল সেইখিনি সময়ত ২৪ ঘন্টা বাদেই মাত্র কেইটামান ঘণ্টা বিদ্যুৎ সেৱা প্ৰদান কৰি ৰাইজক হাৰাশাস্তি কৰি থকা হৈছে বুলি মন্তব্য কৰিছে । কঠিয়াতলী উপ সংমণ্ডলৰ অন্তগত সকলো অঞ্চলত বিদু্ৎ সেৱা নাপায় উৎকট গৰমত জলাকলা খোৱাইছে । ইয়াৰ ওপৰিও প্ৰতি মাহে অধিক বিদ্যুৎ বিল অহা বুলিও জানিব দিয়ে প্ৰতিবাদ কাৰী সকলে।প্ৰতিবাদকাৰী সকলে বিদ্যুত বিভাগ হাই হাই ;কঠিয়াতলী বিদ্যুত সংমণ্ডল মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলে।