কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেট বৈঠক

rongilibarta

কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেট বৈঠক;
কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা – খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত যি সমূহ সুলভ মূল্যৰ দোকান আছে আৰু যিবোৰ দোকানত ৫০ খন বা তাতকৈ কম ৰেচন কাৰ্ড আছে সেই সমূহ অন্য সূলভ মূল্যৰ দোকানৰ লগত চামিল কৰা হ’ব।কিন্তু যি সমূহ দোকান বিধৱা বা শাৰিৰীকভাৱে সক্ষম লোক সকলৰ হাতত আছে সেই সমূহ দোকানক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে৷নতুন থানা, পুৰণি থানাৰ মেৰামতিৰ বাবে, নিৰ্মাণৰ বাবে গৃহ বিভাগলৈ ১২০ কোটি টকাৰ অনুমোদন।অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে কেবিনেটে ১৬১ কোটি টকাৰ অনুমোদন দিয়ে৷ইয়াৰে ৪৮,২৩১টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩,১২০খন প্ৰাৰ্থমিক বিদ্যালয়ত বিদ্যুত সেৱা সংযোগ কৰা হ’ব৷চহৰ অঞ্চলৰ ৬ লাখ ২০ হাজাৰ ১০০ ঘৰত নতুন স্মাৰ্ট মিটাৰ স্হাপনৰ সিদ্ধান্ত।স্মাৰ্ট মিটাৰ হোৱাৰ পাছত বিল অনলাইন, বিদ্যুৎ ঘৰলৈ নোযোৱাকৈ কৰ্তন আৰু সংযোগৰ ব্যৱস্হা কৰিব পৰা যাব।কেবিনেটে শক্তি বিভাগলৈ তিনিটা খণ্ডত ২১২৯ কোটিৰ অনুমোদন দিয়ে৷২১২৯ কোটি টকাৰ ভিতৰৰে ২৫০ কোটি টকাৰে ক্ৰয় কৰিব ৯০০০টা নতুন ট্ৰেন্সফৰ্মাৰ৷মেৰামতি কৰা হ’ব ৪৫০০টা ট্ৰেন্সফৰ্মাৰ৷স্থাপন কৰিব ৭০টা নতুন উপ-কেন্দ্ৰ৷গ্ৰাম্য অঞ্চলৰ ৪ লাখ ৮০ হাজাৰ ২৯৫ টা ঘৰত বিজুলী সংযোগ দিবলৈ বাকী আছে।সেই সমূহ ঘৰত বিজুলী সংযোগ দিবৰ বাবে ১৭১৮ কোটি টকা অনুমোদন।শ্ৰম আয়ুক্তৰ মতে শ্ৰমিকৰ সুৰক্ষা, কাম কৰাৰ পৰিৱেশ আদি সকলো দিশ সামৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ কাম চলিব।৫০ বছৰতকৈ পুৰণি অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত ডেৰ বিঘা মাটি কাৰ্যালয়ৰ বাবে অনুমোদন দিয়া হৈছে।চিচি টেঙানী ট্ৰাইবেল বেল্টত ৮৯ খন গাওঁ অন্তভুৰ্ক্ত কৰা হৈছে।অসমৰ খিলঞ্জীয়া লোকৰ লোকবিশ্বাস আৰু সংস্কৃতি উজ্জীৱিত কৰিবৰ বাবে আজি কেবিনেটে এই বিভাগটোৰ অন্তৰ্গত এটা সঞ্চালকালয় মুকলিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।অতি শীঘ্ৰে এই বিভাগটোৰ সঞ্চালককে ধৰি সকলোবোৰ পদৰ নিযুক্তি সম্পূৰ্ণ কৰিবৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।কেবিনেটত মুখ্যমন্ত্ৰীৰ সৈতে ক’ভিডক লৈ আলোচনা।এসপ্তাহৰ ভিতৰতে দুৰ্গা পূজাৰ পিছৰ ক’ভিড পৰিস্হিতিক লৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।শেহতীয়াকৈ দুই তিনিদিনৰ পৰিস্হিতি চাই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।