কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপনৰ সকলো কাৰ্যসূচী বাতিল

PcZee News

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপনৰ সকলো কাৰ্যসূচী বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা-  সেনাপ্ৰধান বিপিন ৰাৱটলৈ শ্রদ্ধা জনাই আজি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপনৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে৷ দুৰ্ঘটনাটোৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জন্মদিন উপলক্ষে বহু আয়োজন কৰিছিল যদিও এই শোকাৱহ ঘটনাৰ পাছতে ছোনিয়া গান্ধীৰ নিৰ্দেশত সকলো কাৰ্যসূচী বাতিল কৰে৷লোকসভাৰ সাংসদ মানিকম ঠাকুৰে জনাই যে ‘সাহসী জেনেৰেলৰ প্রতি শ্রদ্ধাৰ চিহ্ন’ হিচাপে এই উদযাপন বাতিল কৰা হৈছে। সাহসী জেনেৰেল চিডিএছ বিপিন ৰাৱটৰ প্রতি শ্রদ্ধা আৰু সম্মান দেখাই কংগ্রেছ দলে জন্মদিন উদযাপন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।লগতে দলীয় কৰ্মীসকলকো জন্মদিনৰ কোনো কাৰ্যসূচী পালন নকৰিবলৈ আহ্বান জনায়৷